NORTHEAST NOW (Assamese)
অসম

ফেইচবুকত প্ৰধান মন্ত্ৰী মোদীৰ ফটো বিকৃত কৰি আপলোড কৰা ব্যক্তিক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 28, 2019 8:27 am
handcuffs-615x450-1140x570

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ এখন বিকৃত ফটো আপলোড কৰাৰ অপৰাধত বৃহস্পতিবাৰে তেজপুৰ আৰক্ষীয়ে এজন ফেইচবুক ব্যৱহাৰকাৰীক গ্ৰেপ্তাৰ কৰে।

শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) নোমল মহন্তই বৃহস্পতিবাৰে তেজপুৰত এই কথা জানিবলৈ দিয়ে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্তজনক শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত ছিৰাজুলি অঞ্চলৰ মান্দিৰ আলী বুলি চিনাক্ত কৰা হৈছে।

অভিযুক্ত মান্দিৰ আলীয়ে প্ৰধান মন্ত্ৰী মোদীৰ এখন বিকৃত ছবি তেওঁৰ ফেইচবুকত আপলোড কৰাৰ উপৰি হিন্দু ধৰ্মৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল।

আৰক্ষীয়ে অভিযুক্ত আলীক জেৰা চলাই আছে।

বৰ্তমান আৰক্ষীয়ে এনেধৰণে ছ’চিয়েল মিডিয়াত আপত্তিজনক ফটো আপলোড কৰা, ধৰ্মৰ বিৰুদ্ধে ঘৃণা প্ৰচাৰ কৰা আদি ব্যক্তিৰ ওপৰত চোকা নজৰ ৰাখিছে আৰু অভিযোগ পালেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰস্তুত হৈ আছে।

ইতিমধ্যে এনেকুৱা ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত কেইবাজনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।