NORTHEAST NOW (Assamese)
অসম

চামগুৰিৰ সোনাৰিবালিত নকল টকা বনোৱা মেচিনসহ এজনক আটক

Posted by: বিদ্যুত জ্যোতি বৰা, নগাঁও Updated by: বিদ্যুত জ্যোতি বৰা, নগাঁও January 12, 2022 11:04 am
Assam

নগাঁও জিলাৰ চামগুৰি আৰক্ষীয়ে আজি বিয়লি গোপন খবৰ ভিত্তিত সোনাৰিবালিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই নকল টকা বনোৱা মেচিনসহ এজন লোকক আটক কৰে।

জানিব পৰা মতে আটকাধীন লোকজন হ’ল শিৱস্থান অঞ্চলৰ ফইজুল ইছলাম (৩৫)।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে আটকাধীন ফইজুল ইছলামৰ পৰা বহু পৰিমাণৰ জাল টকা উদ্ধাৰ কৰাৰ লগতে এ এছ ০২ বি চি ৮৬৭৫ নম্বৰৰ এখন টেম্পু জব্দ কৰে।

বৰ্তমান আটকাধীন ফইজুলক আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে।

আনহাতে আৰক্ষীৰ অভিযানৰ সময়ত আন এজন অপৰাধী পলাই যায় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।