NORTHEAST NOW (Assamese)
Popular Stories

ভাৰত জোড়ো যাত্ৰাত অঘটন : গাত জুই লগাই আত্মহত্যাৰ চেষ্টা বিজেপি সমৰ্থকৰ

Posted by: নৰ্থ ইষ্ট নাও Updated by: নৰ্থ ইষ্ট নাও December 8, 2022 3:37 pm

সমগ্ৰ দেশজুৰি ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভ কৰিছে ভাৰত জোড়ো যাত্ৰা। ২০২২ বৰ্ষৰ ৭ ছেপ্তেম্বৰৰ দিনা তামিলনাদুৰ কন্যাকুমাৰীৰ পৰা ৰাহুল গান্ধীয়ে আৰম্ভ কৰিছিল এই ভাৰত জোড়ো যাত্ৰা। ইতিমধ্যে ভালেকেইখন ৰাজ্যৰ লগত অসমতো সুকলমে সম্পন্ন হৈ গৈছে এই যাত্ৰা।

কিন্তু আজি ৰাজস্থানত এই যাত্ৰা চলি থকাৰ সময়তে ঘটিছে এক অঘটন। ৰাজস্থানৰ কোটাত ভাৰত জোড়ো যাত্ৰা চলি থকাৰ সময়তে ইয়াৰ প্ৰতিবাদত এগৰাকী বিজেপি সমৰ্থকে কৰিলে এক ভয়ানক কাণ্ড। ভাৰত জোড়ো যাত্ৰাৰ মাজত বাধা প্ৰদান কৰি নিজৰ গাত জুই লগাই আত্মহত্যাৰ চেষ্টা কৰিলে এইজন বিজেপি সমৰ্থকে। এই কাণ্ডই ইতিমধ্যে গা জোকাৰি গৈছে কংগ্ৰেছ সমৰ্থক সকলৰ।

উল্লেখ্য যে যোৱা তিনি ডিচেম্বৰৰ পৰা ১৮ দিনীয়া কাৰ্যসূচীৰে ৰাজস্থানত চলি আছিল ভাৰত জোড়ো যাত্ৰা। আজি পুৱা ৰাজস্থানৰ কোটাত এই যাত্ৰা চলি থকাৰ সময়তে এই ভয়ানক কাণ্ডটি সংঘটিত হৈছে।

এতিয়া প্ৰশ্ন হৈছে ৰাহুল গান্ধীক জালত পেলাবলৈ এইদৰে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে নেকি? ইতিমধ্যেই ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰক্ষীৰ তদন্তত ওলাই পৰিব কিহৰ বাবে ভাৰত জোড়ো যাত্ৰাত বাধা প্ৰদান কৰি এইদৰে আত্মহত্যাৰ প্ৰচেষ্টা চলাইছিল বিজেপিৰ সমৰ্থক গৰাকীয়ে।