NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত অনাদায় ধনক লৈ মাৰপিট, এজনৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 1, 2023 5:20 pm
গুৱাহাটীত অনাদায় ধনক লৈ মাৰপিট, এজনৰ মৃত্যু

গুৱাহাটী মহানগৰীত ধন আদায়ক লৈ হোৱা কাজিয়াত এজন লোকক প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

শনিবাৰে নিশা গুৱাহাটীৰ চাবিপুলত সংঘটিত হয় এই ঘটনা।

গুৱাহাটীৰ ফটাশিল আমবাৰীৰ দুৰ্গম অঞ্চলত হাইচিন্থেৰে আবৃত খালত উদ্ধাৰ হৈছে ছাদ্দাম আলী নামৰ নিহতজনৰ মৃতদেহ।

আঠগাঁও উৰণীয়া সেতুৰ তলত উদ্ধাৰ হৈছে মৃত ব্যক্তিজনৰ দুচকীয়া বাহনখন।

হাকিম আলী নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে ছাদ্দামক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

ইফালে মহানগৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।