NORTHEAST NOW (Assamese)

মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে কৰিছিল সৎকাৰ : কিন্তু ন বছৰৰ মূৰত জীৱন্তে ঘূৰি আহিল মৃতক

March 24, 2023 7:46 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 24, 2023 7:47 pm

সকলোৱে জানে যে তেওঁৰ মৃত্যু হৈছে। কাৰণ তেওঁৰ পৰিয়ালৰ উপস্থিতিত তেওঁৰ মৃতদেহ সৎকাৰ কৰা হৈছিল। সকলোকে আচৰিত মৃতদেহ সৎকাৰ কৰা ৯ বছৰৰ পিছত জীৱন্তে ঘূৰি আহিল ‘মৃত’ ব্যক্তিজন।

চীনৰ এখন চহৰত সংঘটিত হৈছে এই ঘটনা। ৯১ বছৰীয়া জুহো কাংগুলো নামৰ ব্যক্তিগৰাকী, যাৰ মৃত্যু হৈছিল বুলি ভবা হৈছিল সেই ব্যক্তিজনক ৯ বছৰৰ পিছত জীৱন্তে দেখা পাই ভূত দেখাৰ দৰে স্তম্ভিত হৈ পৰে পৰিয়ালটো।

২০১৪ চনত পৰিয়ালে এটা গাড়ী দুৰ্ঘটনাত চিনাক্ত কৰিছিল জুহোৰ মৃতদেহ। দুখন গাড়ীৰ মুখামুখি সংঘৰ্ষত হাড় আৰু মাংস ওলাই অহা মৃতদেহটো আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নাছিল।

কিন্তু জুহোৰ আত্মীয়ই নিশ্চিত কৰিছিল যে মৃতদেহটো জুহোৰ। সেই সময়ত মৃতদেহটোৰ কোনো মৰণোত্তৰ পৰীক্ষা কৰা হোৱা নাছিল। দুৰ্ঘটনাস্থলীৰ পৰা মৃতদেহটো ততাতৈয়াকৈ লৈ আহি সৎকাৰ কৰিছিল কৰে জুহোৰ পৰিয়ালে।

এই ঘটনাৰ প্ৰায় এটা দশকৰ পিছত জুহো নিজৰ গাঁৱলৈ উভতি আহিল। ঘৰখন চিনি নোপোৱাৰ বাবে তেওঁ ৰাস্তাৰ দাঁতিতেই থাকিবলৈ ধৰিলে। গাঁওখনত নতুন মানুহজনক দেখি গাঁওবাসীৰ সন্দেহ হ’ল। স্থানীয় আৰক্ষী থানাক খবৰ দিলে গাঁওবাসীয়ে।

পুলিচ আহি সোধাপোছা কৰাত জুহোৱে নিজৰ পৰিচয় দিলে। জুহোৰ নাতিয়েকেও চিনি পালে যে এইজনেই তেওঁৰ ককাক। যাক ৯ বছৰ পূৰ্বে মৃত বুলি ঘোষণা কৰা হৈছিল।

ইমান বছৰৰ মূৰত নিজৰ ঘৰলৈ উভতি আহি আৱেগিক হৈ পৰিল জুহো। ইমান বছৰ তেওঁ ক’ত আছিল বুলি সোধাত তেওঁ স্পষ্টকৈ একো কোৱা নাছিল। তথাপি মৃত বুলি ঘোষণা কৰা নিজৰ পৰিয়ালৰ সদস্যক এনেদৰে পুনৰ লগ পাই আনন্দত আত্মহাৰা হৈ পৰিল পৰিয়ালটো। অৱশ্যে এইখিনিতে এটা প্ৰশ্নৰ উদয় হয়, এইয়া যদি জুহোয়েই হয় তেন্তে ৯ বছৰ আগতে জুহো বুলি সৎকাৰ কৰা ব্যক্তিজন কোন আছিল?

Related News