NORTHEAST NOW (Assamese)

বন্যপ্ৰাণী সুৰক্ষা সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে চাইকেল যাত্ৰা কৰ্ণাটকৰ যুৱকৰ; কাজিৰঙাত উপস্থিত

November 13, 2019 3:32 pm · উত্তম শইকীয়া

কৰ্ণাটকৰ বাংগালুৰৰ পৰা চাইকেল চলাই আহি বোকাখাতত উপস্থিত হৈছে এজন চাইকেল আৰোহী। যুৱকজনৰ নাম বৰুণ ৰেড্ডী, ঘৰ বাংগালুৰৰ কৰামংলাত।

পেছাত এটা ব্যক্তিগত কোম্পানীৰ গাননিক বৰুণে তিনিমাহৰ ছুটী লৈ ছেপ্টেম্বৰৰ পৰা যাত্ৰা আৰম্ভ কৰি যোৱা সোমবাৰে নিশা বোকাখাতত উপস্থিত হৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে।

৫ হাজাৰ কিলোমিটাৰ ভ্ৰমণ লক্ষ্য লৈ দৈনিক ৭০ ৰ পৰা ৮০ কিলোমিটাৰ চাইকেল চলাই ইতিমধ্যে তেওঁ অন্ধপ্ৰদেশ, উড়িষ্যা, পশ্চিমবংগ, ঝাৰখণ্ড, বিহাৰ, ছিকিম হৈ আহি যোৱা দেওবাৰে অসমত উপস্থিত হয়।

যুৱকজনে জনসাধাৰণৰ মাজত বন আৰু বন্যপ্ৰাণীৰ সুৰক্ষা, পৰিবেশ প্ৰদূষণ ইত্যাদি সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই চাইকেল যাত্ৰা বাহিৰ কৰা বুলি জানিবলৈ দিয়ে।

ইতিমধ্যে ৩৫০০ কিলোমিটাৰ পথ অতিক্ৰম কৰা বোকাখাতত উপস্থিত হোৱা বৰুণে সোমবাৰে বিয়লি তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি বন্যপ্ৰাণী সংৰক্ষণ সম্পৰ্কে স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে।

বোকাখাতক পিছত যুৱকজনে উজনি অসমৰ শিৱসাগৰৰ উপৰি উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্য ভ্ৰমণ কৰিব বুলি জানিবলৈ দিয়ে ৷

Related News