মৰ্মান্তিক: ট্ৰেডমিলত দৌৰি থাকোঁতেই হঠাতে ঢলি পৰি মৃত্যু যুৱকৰ

বিগত কিছুদিন ধৰি দেশত আশ্চৰ্যকৰভাৱে বৃদ্ধি পাইছে হঠাতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ ঘটনা। সম্পূৰ্ণ সুস্থ অৱস্থাত থকাৰ সময়তে আকস্মিকভাৱে ঢলি পৰি মৃত্যুক সাবটি লোৱা এনে বহু ঘটনা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
এনে অনুৰূপ এক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। ৰাজ্যখনৰ গাজিয়াবাদত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাৰ ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত ট্ৰেডমিলত দৌৰি থকাৰ সময়তে হঠাতে ঢলি পৰি যুৱক এগৰাকীৰ মৃত্যু হোৱা দেখিবলৈ পোৱা গৈছে।
শনিবাৰে সৰস্বতী বিহাৰত সংঘটিত হয় এই ঘটনা। মৃত যুৱকগৰাকীৰ নাম সিদ্ধাৰ্থ কুমাৰ সিং বুলি জানিব পৰা গৈছে। শাৰীৰিক ব্যায়ামৰ সময়ত সিং হঠাতে মাৰাত্মক হাৰ্ট এটেকৰ সন্মুখীন হয় আৰু ঠাইতে ঢলি পৰে।
এই মৰ্মান্তিক মুহূৰ্তটো জিমত স্থাপন কৰা চিচিটিভিত বন্দী হৈছে। ট্ৰেডমিলত বাগৰি পৰাৰ পিছতে সিঙে লাহে লাহে চেতনা হেৰুৱায় আৰু কিছুসময় পিছতে শেষ নিশ্বাস ত্যাগ কৰে।
সেই সময়ত জিমত থকা আন লোকসকল এনে আকস্মিক পৰিস্থিতিত আশ্চৰ্যচকিত হৈ পৰে। তেওঁলোকে লগে লগে যুৱকগৰাকীক সহায়ৰ মানসেৰে কাষ চাপি আহে যদিও তেতিয়ালৈ প্ৰাণহীন হৈ পৰে সিঙৰ দেহ।