NORTHEAST NOW (Assamese)

কেইছেকেণ্ডৰ ভিতৰতে সকলো শেষ; খেলৰ মাজতে ঢলি পৰি মৃত্যুক সাৱটিলে বেডমিণ্টন খেলুৱৈয়ে

March 31, 2026 3:23 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 11:45 am

খেলৰ মাজতে মৃত্যুৰ ঘটনা নতুন নহয়। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তেই হওক বা স্থানীয় পৰ্যায়তেই হওক, খেলৰ মাজতে সকলো ক্ষেত্ৰতে কিছুমান অভাৱনীয় ঘটনা দেখা যায়। এইবাৰ উত্তৰ প্ৰদেশৰ মহোবা জিলাত বেডমিণ্টন খেলি থকা অৱস্থাত এজন ব্যক্তিৰ মৃত্যু হয়। মৃত লোকজনৰ নাম সুধীৰ গুপ্তা। তেওঁৰ বয়স আছিল ৫৮ বছৰ। হাৰ্ট এটেকত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। সমগ্ৰ ঘটনাটো বেডমিণ্টন ক’ৰ্টত লগোৱা চিচিটিভি কেমেৰাত বন্দী হৈছে।

সুধিৰে মহোবা জিলা ষ্টেডিয়ামত বেডমিণ্টন খেলি আছিল। মহানগৰীৰ পাষ্টৰ গালিৰ বাসিন্দা সুধীৰ গুপ্তাই সতীৰ্থৰ সৈতে সম্পূৰ্ণ শক্তিৰে খেলি থকা দেখা গৈছিল। একেৰাহে তেওঁক তিনিটা শ্বট খেলা দেখা গৈছিল। অৱশ্যে নিয়তিৰ আন পৰিকল্পনা আছিল।

একেৰাহে তিনিটা শ্বট লোৱাৰ পিছত হঠাতে সুধীৰৰ অসুস্থ অনুভৱ হ’ল। তৃতীয়টো শ্বটৰ মাত্ৰ ১১ ছেকেণ্ডৰ পিছত হঠাতে সুধীৰে অস্বস্তি অনুভৱ কৰিবলৈ ধৰে। তেওঁক অলপ লাহে লাহে খোজ কাঢ়ি যোৱা দেখা যায়। ইয়াৰ পিছত তেওঁ বুকুত হাত দিয়া দেখা গ’ল। তাত উপস্থিত থকা তেওঁৰ সতীৰ্থসকলে একো বুজি পোৱাৰ আগতেই বা তেওঁক সহায় কৰাৰ আগতেই তেওঁ মাটিত ঢলি পৰিল। মাত্ৰ ৫ ছেকেণ্ডৰ ভিতৰতে সংঘটিত হ’ল সমগ্ৰ ঘটনা।

সুধীৰ মাটিত পৰি যোৱাৰ পিছত তেওঁৰ সতীৰ্থসকলে তেওঁক তুলি লৈ জিলা চিকিৎসালয়লৈ লৈ যায় যদিও তেতিয়ালৈকে বহু দেৰি হৈ গৈছিল। পৰীক্ষাৰ অন্তত কৰ্তব্যৰত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। চিকিৎসকে কয় যে সেয়া আছিল নিৰৱ হাৰ্ট এটেক, য’ত কোনোবাই চকুৰ পলকতে হাঁহি হাঁহি মৃত্যুমুখত পৰে।

সুধীৰৰ মৃত্যুৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। বয়স ৫৮ বছৰ হোৱাৰ পিছতো সুধীৰ ফিট আছিল। নিয়মীয়াকৈ খেলাৰ লগতে ফিটনেছৰ প্ৰতিও তেওঁ সাৱধান আছিল। ইয়াৰ পিছত প্ৰশ্ন উত্থাপন হৈছে যে ফিটনেছৰ প্ৰতি সচেতন হৈও এজন ব্যক্তি কেনেকৈ হাৰ্ট এটেকত আক্ৰান্ত হ’ব পাৰে। তেওঁৰ শৰীৰত কিবা সমস্য়া আছিল নেকি?

Related News