NORTHEAST NOW (Assamese)
দেশ

নৃত্যৰত অৱস্থাত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হ’ল পুত্ৰৰ: চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ সময়তে পিতৃৰো মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 3, 2022 7:52 pm
Man Dies While Dancing

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বিৰাৰ চহৰত শনিবাৰে সংঘটিত হৈছে এক শোকাৱহ ঘটনা। অঞ্চলটোত নিশা অনুষ্ঠিত হোৱা এক গৰবা অনুষ্ঠানত নৃত্য কৰি থকা অৱস্থাতে মৃত্যুবৰণ কৰে এগৰাকী ৩৫ বৰ্ষীয় ব্যক্তি।

ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে শনিবাৰে মাজনিশা বিৰাৰৰ গ্লোবেল চিটি কমপ্লেক্সত এক গৰবা অনুষ্ঠানত নৃত্য কৰি থকা অৱস্থাত মনীষ নাৰাপজী চনিগ্ৰা নামৰ ব্যক্তিগৰাকী বাগৰি পৰে।

পুত্ৰক বাগৰি পৰা দেখি তেওঁৰ পিতৃ নাৰাপজী চোনিগ্ৰাই ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসালয়ত মনীষ নাৰাপজীক চিকিৎসকে মৃত ঘোষণা কৰে।

পুত্ৰৰ মৃত্যুৰ কথা শুনি পিতৃ নাৰাপজী চোনিগ্ৰা চিকিৎসালয়ত ৰৈ থকা ঠাইতে বাগৰি পৰে আৰু ঘটনাস্থলীতে মৃত্যু বৰণ কৰে।

আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু নিয়ম অনুসৰি এক গোচৰ ৰুজু কৰা হৈছে।