NORTHEAST NOW (Assamese)
অসম

চলন্ত ৰে’লত উঠিবলৈ গৈ নিউ হাফলঙত মৃত্যুক সাৱটিলে এজনে

Posted by: পংকজ কুমাৰ দেব October 28, 2018 6:45 pm
New Haflong Station

আজি দিনৰ প্ৰায় ১২ মান বজাত নিউ হাফলং ষ্টেশ্যনত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। উক্ত দুৰ্ঘটনাত শিলচৰৰ সুব্ৰত কুমাৰ পাল নামৰ এগৰাকী ৫৫ বছৰীয়া ৰে’ল যাত্ৰীয়ে কৰুণ মৃত্যুক সাৱতি ল’বলগীয়া হয়। মৃত লোকজনৰ ঘৰ শিলচৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰাঙ্গিৰখাৰিত বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত ঘটনাস্থলত উপস্থিত থকা লোকে জানিবলৈ দিয়া মতে দুৰ্ঘটনাত মৃত্যুবৰণ কৰা লোকজনে এখন চলন্ত ৰে’লত জপিয়াই উঠিবলৈ লওঁতেই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ হেৰুৱাই ৰে’লখনৰ তলত সুমুৱাই যোৱাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

ইফালে ৰে’ল আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ লগে লগে দুৰ্ঘটনাত পতিত হোৱা লোকজনক উদ্ধাৰ কৰি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে যদিও লোকজনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে।

ৰে’লৱেৰ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি মৃত লোকজনে অকলশৰে গুৱাহাটীৰ পৰা শিলচৰলৈ বুলি ফাষ্ট পেচেঞ্জাৰৰ জৰিয়তে যাত্ৰা কৰিছিল।