NORTHEAST NOW (Assamese)
দেশ

পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 7, 2022 11:33 pm
Acid attack

মঙলবাৰে পুৱা ৰাজস্থানৰ ভিলৱাৰা জিলাত সংঘটিত হয় এক চাঞ্চল্যকৰ কাণ্ড। জিলাখনৰ ঘোদাছ নামৰ এখন গাঁৱত পুৱাৰ ভাগতে সন্ন্যাসীৰ বেশত এক দুৰ্বৃত্তই পথাৰৰ মাজত এছিড আক্ৰমণ কৰি সংকটজনক অৱস্থালৈ ঠেলি দিছে এগৰাকী মহিলাক।

প্ৰকাশিত খবৰ অনুসৰি মহিলাগৰাকীয়ে নিজৰ খেতিপথাৰত ম’হ চৰাবলৈ যোৱাৰ সময়তে সন্ন্যাসীৰ বেশত থকা এগৰাকী লোকে অস্ত্ৰৰে আক্ৰমণ কৰে। এই আক্ৰমণত মহিলাগৰাকী বাগৰি পৰাৰ লগে লগে দুৰ্বৃত্তই মহিলাগৰাকীৰ মুখমণ্ডলৰ লগতে শৰীৰৰ আন অংগতো এচিড নিক্ষেপ কৰে।

এই ভয়াৱহ আক্ৰমণত গুৰুতৰভাৱে দগ্ধ হৈ মহিলাগৰাকী। এই ঘটনা সংঘটিত হোৱাৰ সময়ত ঘটনাস্থলীত কোনো লোক উপস্থিত নথকাৰ বাবে মহিলাগৰাকীয়ে তীব্ৰ যন্ত্ৰণা নেওচিও প্ৰায় ১ কিলোমিটাৰ দৌৰি ঘৰত উপস্থিত হয়।

এছিড আক্ৰমণৰ ফলত মহিলাগৰাকীৰ শৰীৰৰ পুৰি যোৱা দাগসমূহ দেখি স্থানীয় এগৰাকী লোকে গাঁওবাসীক মাতি অনাৰ লগতে ভুক্তভোগীৰ পৰিয়ালৰ লোককো খবৰ দিয়ে। তাৰ পাছতেই তেওঁলোকে মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যায়।

বৰ্তমান মহিলাগৰাকী স্থানীয় মহাত্মা গান্ধী হাস্পতালৰ বাৰ্ন ইউনিটত ভৰ্তি হৈ আছে বুলি জানিব পৰা গৈছে। ইফালে কিয় আৰু কোনে এই আক্ৰমণ সংঘটিত কৰে, সেয়া এতিয়াও জানিব পৰা নাই আৰক্ষীয়ে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও আক্ৰমণকাৰীৰ কোনো সম্ভেদ এইপৰ্যন্ত লাভ কৰা নাই বুলি জানিব পৰা গৈছে।