NORTHEAST NOW (Assamese)
দেশ

সহযাত্ৰী পুৰুষক বলপূৰ্বক চুমা খালে পুৰুষে! চলন্ত ৰে’লৰ ভাইৰেল ভিডিঅ’ই সৃষ্টি কৰিছে জোকাৰণিৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 6, 2025 10:10 am
সহযাত্ৰী পুৰুষক বলপূৰ্বক চুমা খালে পুৰুষে! চলন্ত ৰে’লৰ ভাইৰেল ভিডিঅ’ই সৃষ্টি কৰিছে জোকাৰণিৰ

আকৌ এবাৰ চৰ্চালৈ আহিছে আন এক আচৰিত ঘটনা। অভিযোগ অনুসৰি এজন ব্যক্তিয়ে চলন্ত ৰে’ল আন এজন ব্যক্তিক চুম্বন কৰে।

যুৱকজনে এই সমগ্ৰ ঘটনাৰ ভিডিঅ ৰেকৰ্ড কৰিছিল। তাৰ পিছত ভিডিঅটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

অভিযোগ অনুসৰি ৰে’লত যুৱকজনে শুই থকা অৱস্থাত আন এজন যাত্ৰীয়ে তেওঁক বলপূৰ্বক চুমা খাইছিল। ইয়াৰ পিছত শাৰীৰিক নিৰ্যাতনৰ বলী হোৱা যুৱজকনে ক্ষোভত অভিযুক্তক প্ৰহাৰ কৰে আৰু ভিডিঅ’ ৰেকৰ্ডিং কৰে।

ইফালে অভিযুক্তৰ পত্নীয়ে তেওঁক বচাবলৈ চেষ্টা কৰে।  তেওঁ বাৰে বাৰে যুৱকজনক ক্ষমা বিচাৰে।

যুৱকজনে প্ৰশ্ন কৰে যে যদি তেওঁ পুৰুষৰ সলনি মহিলা হলহেঁতেন তেন্তে সমগ্ৰ ৰেল যাত্ৰীয়ে অভিযুক্তক কি কৰিলেহেঁতেন?

অৱশ্যে এই ঘটনাটো কত সংঘটিত হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে ভিডিঅ ভাইৰেল হোৱাৰ লগে লগে ছচিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি হয়।