NORTHEAST NOW (Assamese)
অসম

পশ্চিমবংগৰ ৰে’ল লাইনত উদ্ধাৰ অসমীয়া যুৱকৰ মৃতদেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 2, 2023 9:30 pm
পশ্চিমবংগৰ ৰে’ল লাইনত উদ্ধাৰ অসমীয়া যুৱকৰ মৃতদেহ

শুকুৰবাৰে নিশা পশ্চিমবংগৰ কাটোৱাৰ ৰে’লপথত মৃত অৱস্থাত উদ্ধাৰ হয় এগৰাকী অসমীয়া যুৱকৰ মৃতদেহ।

জানিব পৰা মতে, মৃত যুৱকজনৰ ঘৰ  তিনিচুকীয়া জিলাত।  ৩৭ বছৰীয়াৰ নাম প্ৰদীপ ফুকন।

খবৰ অনুসৰি, প্ৰদীপ ফুকন নামৰ লোকজনে কৰ্মসংস্থাপন বিচাৰি কেৰালালৈ গৈ আছিল।

আৰক্ষীৰ মতে, ফুকনৰ মৃতদেহত একাধিক আঘাত পোৱা গৈছে, যাৰ পৰা অনুমান কৰিব পাৰি যে তেওঁক আক্ৰমণ কৰি হত্যা কৰা হৈছে। তেওঁৰ পৰিয়ালেও তেওঁক হত্যা কৰা হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।

তিনিচুকীয়াৰ কাকোপথাৰৰ চেলেংগুৰিৰ বাসিন্দা আছিল ফুকন।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ফুকনৰ মৃত্যুৰ কাৰণ বিচাৰি উলিয়াবলৈ চেষ্টা চলাইছে।