NORTHEAST NOW (Assamese)

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়াৰ পৰিচয় দিয়া আৰু এজন প্ৰৱঞ্চক মায়ংক তিৱাৰীক গ্ৰেপ্তাৰ গুজৰাটত

June 25, 2023 8:32 am · এন ই নাও নিউজ, নতুন দিল্লী
Updated: June 25, 2023 8:33 am
প্ৰতিনিধিত্বমূলক ফটো।

গুজৰাটত পুনৰ ধৰা পৰিল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়াৰ পৰিচয় দি মানুহক প্ৰতাৰণা কৰাৰ এজন লোক। এইবাৰ ঘটনাস্থলী বৰোদা। আৰক্ষীৰ সূত্ৰ অনুসৰি মায়ংক তিৱাৰী নামৰ ব্যক্তিজনে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দি দুটা শিশুক এখন ব্যক্তিগত বিদ্যালয়ত ভৰ্তি কৰে। ইয়াৰ পিছত সেই বিদ্যালয়ৰে কৰ্তৃপক্ষক কেন্দ্ৰীয় সাহায্য আনি দিয়াৰ আশ্বাস দিও ধন সংগ্ৰহ কৰে।

বৰোদাৰ বাঘোদিয়া থানাৰ এগৰাকী বিষয়াই কয় যে মায়ংকে নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সঞ্চালক হিচাপে পৰিচয় দি ২০২২ চনৰ মাৰ্চ মাহত এখন ব্যক্তিগত বিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে সাক্ষাৎ কৰিছিল।

ইয়াৰ পিছত বন্ধু এজনৰ পুত্ৰ বুলি পৰিচয় দি দুটি শিশুক সেই স্কুলত ভৰ্তি কৰাই দিলে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে কাৰ্যালয়ৰ পৰা বিভিন্ন সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে।

লগতে পঢ়ক: পুটিনৰ সকাহ! সমাপ্ত বিদ্ৰোহ; ঘাটিলৈ উভতিছে ৱেগনাৰ সেনা

কেইমাহমানৰ পিছত ব্যক্তিগত বিদ্যালয়খনৰ ট্ৰাষ্টীসকলৰ সন্দেহ উপজিল। অনু সন্ধান কৰি প্ৰকৃত ঘটনাৰ বিষয়ে তেওঁলোকে জানিব পাৰে। ইয়াৰ পিছতে বিদ্যালয় কৰ্তৃপক্ষই মায়ংকৰ বিৰুদ্ধে বাঘোদিয়া থানাত প্ৰৱঞ্চনাৰ অভিযোগ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিত শুকুৰবাৰে বৰোদা আৰক্ষীয়ে মায়ংকক গ্ৰেপ্তাৰ কৰে।

এনে ঘটনা অৱশ্যে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বে আহমেদাবাদৰ বাসিন্দা কিৰণ পেটেলে নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়াৰ পৰিচয় দি জম্মু-কাশ্মীৰৰ উচ্চ নিৰাপত্তাজনিত অঞ্চলত মুক্তভাৱে ঘূৰি ফুৰিছিল আৰু চৰকাৰী ধনেৰে বিলাসী হোটেলত কটাইছিল। সেই হোটেলৰ পৰাই তেওঁক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

এইবাৰ গ্ৰেপ্তাৰ কৰা হ’ল বৰোদাৰ মায়ংক তিৱাৰীক। তেওঁৱো প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিছিল।

Related News