NORTHEAST NOW (Assamese)

নৱবিবাহিত কন্যাক উপহাৰস্বৰূপে বুলড’জাৰ আগবঢ়ালে পিতৃয়ে! কি কাৰণ আছে এই বিশেষ উপহাৰৰ আঁৰত!

December 18, 2022 6:47 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 18, 2022 1:16 am

বিগত কেইবছৰমানৰ ভিতৰত দেশত চৰ্চাৰ এক অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে বুলড’জাৰ সংস্কৃতি। বিশেষকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজ্যখনত অপৰাধীৰ বিৰুদ্ধে কঠোৰতাৰ নামত বুলড’জাৰেৰে কোনো গোচৰত অভিযুক্তৰ সম্পত্তি বুলড’জাৰেৰে ধ্বংস কৰাৰ পাছত এই বুলড’জাৰ সংস্কৃতি দেশৰ অন্যান্য প্ৰান্তলৈও বিয়পি পৰিছে।

অৱশ্যে বুলড’জাৰৰ এই কঠোৰ আৰু ধ্বংসকাৰ্যত ব্যৱহাৰৰ বাবে নহয়, এইবাৰ পুনৰ বুলড’জাৰ চৰ্চালৈ আহিছে আন এক বিশেষ কাৰণতহে। উত্তৰ প্ৰদেশৰ এগৰাকী ব্যক্তিয়ে নিজৰ নৱবিবাহিত কন্যা আৰু তেওঁৰ স্বামীক বিয়াৰ উপহাৰ স্বৰূপে আগবঢ়াইছে এখন বুলড’জাৰ।

দেশত আইনী ৰূপত যৌতুক প্ৰথা নিষিদ্ধ হ’লেও উপহাৰৰ নামত কন্যাৰ সৈতে বিভিন্ন সা-সামগ্ৰী দিয়াৰ প্ৰথা অব্যাহত আছে। এনে উপহাৰৰ ভিতৰত বিভিন্ন বয়-বস্তু থাকিব পাৰে যদিও বুলড’জাৰৰ উপহাৰ স্বাভাৱিকতেই এক আশ্চৰ্যকৰ যেন নিশ্চয় অনুভৱ হৈছে।

পিছে ব্যক্তিগৰাকীয়ে তেওঁৰ কন্যাক বুলড’জাৰৰ উপহাৰ আগবঢ়োৱাত এক বিশেষ উদ্দেশ্য নিহিত হৈ আছে। উপহাৰৰ ৰূপত বুলড’জাৰ আগবঢ়োৱা এই ব্যক্তিগৰাকীৰ নাম হৈছে পৰশুৰাম প্ৰজাপতি।

নৌসেনাৰ অৱসৰপ্ৰাপ্ত জোৱান প্ৰজাপতিয়ে নিজ কন্যা নেহাক বিয়াৰ দিনাই এখন বুলড’জাৰ উপহাৰ দিয়ে। এই বিশেষ উপহাৰৰ খবৰে সামাজিক মাধ্যমত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে।

নৱবিবাহিত দম্পতীক বিলাসী গাড়ীৰ সলনি বুলড’জাৰ দিয়াৰ আঁৰৰ কাৰণ সম্পৰ্কে প্ৰশ্ন কৰাত পৰশুৰামে কয় যে তেওঁৰ কন্যাই কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে।

যদি কন্যা নেহাই লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাত ব্যৰ্থ হয়, তেতিয়া দম্পতীহালে বুলড’জাৰৰ জৰিয়তে ধন উপাৰ্জন কৰিব পাৰিব বুলি আশা কৰি পৰশুৰাম প্ৰজাপতিয়ে এই আশ্চৰ্যকৰ উপহাৰ আগবঢ়াইছে।

Related News