NORTHEAST NOW (Assamese)
দেশ

বীভৎস! পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীৰ গুপ্তাংগত স্বামীয়ে ওলমালে তলা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 19, 2024 9:10 am
বীভৎস! পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীৰ গুপ্তাংগত স্বামীয়ে ওলমালে তলা

মহাৰাষ্ট্ৰৰ পিম্পৰী-চিঞ্চৱাদত এজন ৩০ বছৰীয়া নেপালী নাগৰিকক নিজৰ ২৮ বছৰীয়া পত্নীক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্তই চোকা ব্লেডেৰে পত্নীৰ ব্যক্তিগত অংগ বিন্ধি তলা লগাই দিয়ে বুলি জানিব পৰা গৈছে।

যোৱা ১১ মে’ত কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্ক থকা বুলি সন্দেহ কৰি ব্যক্তিজনে পত্নীক মৰিয়াই হাত-ভৰি পোছাকেৰে বান্ধিছিল। ইয়াৰ পাছতে অভিযুক্তই চোকা ব্লেড লৈ ব্যক্তিগত অংশত বিন্ধি তলা লগাই দিয়ে।

স্বামীয়ে আক্ৰমণ চলাই যোৱাৰ লগে লগে মহিলাগৰাকীয়ে সহায় বিচাৰি চিঞৰি উঠে আৰু তেজ ওলাই মজিয়াত পৰি থকাৰ সময়ত বিষত ছটফটাই আছে। মহিলাগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে।মহিলাগৰাকীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পাছত থানাত এজাহাৰ দাখিল কৰে।

জানিব পৰা মতে স্বামীয়ে চকীদাৰৰ কাম কৰাৰ বিপৰীতে মহিলাগৰাকী গৃহিণী।মহিলাগৰাকীৰ ওপৰত কৰা নৃশংসতাক গৰিহণা দি আৰক্ষীয়ে কয় যে তেওঁৰ স্বামীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।