NORTHEAST NOW (Assamese)
Popular Stories

পথৰ কুকুৰক যৌন উৎপীড়ন চলায় ৬ মাহ কাৰাবাসৰ শাস্তি লাভ এজন লোকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 12, 2021 7:56 pm
Jailed

পথৰ কুকুৰৰ ওপৰত যৌন উপী়ড়ন চলাই ৬ মাহ কাৰাবাসৰ শাস্তি ভোগ কৰিবলগীয়া হৈছে এজন লোকে।

ঘটনাটো মহাৰাষ্ট্ৰৰ থানে জিলাৰ।

সোমবাৰে থানেৰ আদালতে পথৰ কুকুৰক যৌন উৎপীড়ন চলোৱাৰ অপৰাধত এজন ৪০ বছৰীয়া লোকক ৬ মাহ কাৰাবাসৰ শাস্তি বিহিছে।

প্ৰথম শাৰীৰ ন্যায়িক দণ্ডাধীশ ভিপি খান্দাৰেই বিজয় চাল্কে নামৰ লোকজনক ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৭ ধাৰাত এই শাস্তি প্ৰদান কৰাৰ লগতে ১,০৫০ টকাৰ জৰিমনাও বিহা হৈছে।

বন্যপ্ৰাণী ওপৰত ক্ৰুৰতা প্ৰতিৰোধ আইনৰ অধীনত লোকজনক এই জৰিমনা বিহা হৈছে বুলি জনাইছে দণ্ডাধীশে।

উল্লেখ্য যে অভিযোগ অনুসৰি ২০২০ চনৰ জুলাই মাহত লোকজনে এটা পথৰ কুকুৰ ধৰি ৰাখি তাৰ ওপৰত যৌন উৎপীড়ন চলাই আহিছিল।