NORTHEAST NOW (Assamese)
Popular Stories

ৰাতিপুৱা বিয়া কৰালে প্ৰেমিকাক, আনফালে ৰাতি বিয়াত বহিল আন এগৰাকী মহিলাৰ সৈতে! ক’ত সংঘটিত হ’ল এই আজৱ কাণ্ড?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 25, 2025 7:04 pm

চাৰি বছৰ ধৰি এগৰাকী ছোৱালীৰ সৈতে সম্পৰ্কত থকা এজন ব্যক্তিয়ে ৰাতিপুৱাই বিয়া কৰাইছিল যুৱতীগৰাকীক। আৰু সেইদিনাই সন্ধিয়া পৰিয়ালে বাছনি কৰা আন এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ হৰপুৰ বুঢ়াত অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

এই ঘটনা পোহৰলৈ আহে যেতিয়া লোকজনৰ প্ৰেয়সীয়ে দ্বিতীয় বিবাহৰ কথা গম পাই আৰক্ষীত এজাহাৰ দাখিল কৰে। চাৰি বছৰ ধৰি মানুহজনৰ সৈতে সম্পৰ্কত থকা বুলি জানিব পৰা গৈছে, এই সময়ছোৱাত তেওঁৰ দুটা গৰ্ভপাত হৈছিল।

পুনৰ গৰ্ভৱতী হোৱাৰ পাছত প্ৰসৱৰ বাবে নাৰ্চিং হোমলৈ লৈ যোৱা বুলি দাবী কৰিছে যুৱতীগৰাকীয়ে। অৱশ্যে লোকজনে কেঁচুৱাটো  এগৰাকী নাৰ্চৰ হাতত গতাই দিয়ে।

ঘটনাৰ দিনা ৰাতিপুৱা মানুহজনে প্ৰথমে আদালতত প্ৰেমিকাক বিয়া কৰাইছিল। পাছদিনা ৰাতি তেওঁ পৰিয়ালৰ পৰিকল্পনা অনুসৰি পৰম্পৰাগত বিয়াত মহিলাগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

মানুহজনৰ প্ৰেয়সীয়ে তেওঁৰ ঘৰলৈ যোৱাৰ সময়ত তেওঁৰ পৰিয়ালে তেওঁক অপমান কৰি বাহিৰলৈ খেদি পঠিওৱা বুলি দাবী কৰে।

জ্যেষ্ঠ আৰক্ষী বিষয়া জিতেন্দ্ৰ কুমাৰ শ্ৰীবাস্তৱে কয় যে এজাহাৰ পোৱা গৈছে আৰু প্ৰেমিকাগৰাকীয়ে উত্থাপন কৰা অভিযোগ সঁচা বুলি ধৰা পৰিছে।