NORTHEAST NOW (Assamese)
অসম

টীয়কৰ জাঁজীমুখত ব্ৰহ্মপুত্ৰ-জাঁজীৰ সংগমস্থলীত যুৱক সন্ধানহীন

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক July 7, 2021 5:07 pm
kk

যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখ হাতীহাল অঞ্চলৰ প্ৰকাশ মালা (২৭ ) নামৰ দুটি সন্তানৰ পিতৃ কালি বিয়লি নিমাতি ঘাটত বজাৰ কৰিবলৈ গৈ ঘৰৰ নিচেই কাষতে থকা ব্ৰহ্মপুত্ৰ আৰু জাঁজীৰ সংগমস্থলত হাত নাৱেৰে আহি থকা অৱস্থাত দুৰ্ভাগ্যজনকভাৱে পানীত পৰি সন্ধানহীন হয়।

ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে বিচাৰ খোচাৰ আৰম্ভ কৰে আৰু আৰক্ষীক খবৰ দিয়ে।

টীয়কৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত এই অঞ্চলটোত আৰক্ষী কালি সন্ধিয়াই উপস্থিত হয় যদিও ৰাতিৰ আন্ধাৰত বিচাৰিবলৈ সক্ষম নহৈ আজি পুনৰ পুৱাৰে পৰা যোৰহাটৰ SDRF ৰ দলৰ সহযোগত ঘণ্টাৰ পাছত ঘন্টা জুৰি অভিযান চলাইছে যদিও কোনো সন্ধান পাবলৈ সক্ষম হোৱা নাই।

SDRF ৰ দলৰ সমান্তৰালকৈ স্থানীয় লোকেও নদীত ব্যক্তিগত নাওৰেও সন্ধান চলাইছে।

বৰ্তমান সময়লৈকে ২৭ বছৰীয়া যুৱকজনৰ কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই।