NORTHEAST NOW (Assamese)
Uncategorized

এসময়ত ৰেল ষ্টেচনত যাত্ৰীৰ জোতা পলিচ কৰিছিল আৰু ৩৫ বছৰৰ পাছত হৈ পৰিল সেই ষ্টেচনৰে মেনেজাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 23, 2025 1:22 pm
এসময়ত ৰেল ষ্টেচনত যাত্ৰীৰ জোতা পলিচ কৰিছিল আৰু ৩৫ বছৰৰ পাছত হৈ পৰিল সেই ষ্টেচনৰে মেনেজাৰ

পৰিয়াল পোহপাল দিবলৈ আজিৰ প্ৰতিবেদনৰ নায়কে ৰেল ষ্টেচনত বহি যাত্ৰীৰ জোতা পলিচ কৰিছিল।আৰু ৩৫ বছৰৰ পাছত ৰে’লৱে বিষয়া হিচাপে একেটা ষ্টেচনলৈ উভতি আহে। গজে সিঙৰ কাহিনীয়ে আনকি ‘ৰিল লাইফকো প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব।

তেখেতৰ সম্পূৰ্ণ নাম গজে সিংহা। যাত্ৰীসকলৰ বাবে গজু নামেৰেও তেখেত জনপ্ৰিয়। গজু ৰাজস্থানৰ বাসিন্দা।তেওঁ সৰুৰে পৰা পৰিয়ালত দৰিদ্ৰতা আৰু কষ্টৰ সাক্ষী হৈ ডাঙৰ হৈছিল। পিতৃ-মাতৃ আৰু আঠজন ভাই-ভনীৰ এটা পৰিয়াল। গজু মাক-দেউতাকৰ ডাঙৰ সন্তান। নিজৰ পঢ়া-শুনাৰ সমান্তৰালকৈ গজুৱে ভাই-ভনীৰ পঢ়া-শুনা আৰু সৰু কান্ধত পৰিয়াল চলোৱাৰ বোজাও কান্ধত তুলি লবলগীয়া হৈছিল। আৰু সেইবাবেই তেঁও জোতাৰ পলিচ ব্ৰাছ আৰু ক্ৰীম এটা তুলি লবলৈ বাধ্য হয়৷

গজুৱে স্কুলৰ পৰা উভতি আহি বেৱাৰ ষ্টেচনলৈ গৈছিল। তাত যাত্ৰীৰ জোতা পলিচ কৰিছিল। ইয়াৰ পাছত তেওঁ পুনৰ কাম আৰম্ভ কৰিলে,তদুপৰি বিভিন্ন অনুষ্ঠানত এটা বেণ্ডত বজায়ো উপাৰ্জন কৰিছিল। জোতা পলিচ কৰি উপাৰ্জন কৰা ধনেৰে ইমান বৃহৎ পৰিয়াল এটা পোহপাল দিয়াটো কঠিন হৈ পৰিছিল। কিন্তু সেইটোৱেও বৰ বেছি বিশেষ সহায় কৰিব নোৱাৰিলে। গতিকে গজুৱেও অনুষ্ঠান আৰু বিয়াত বেণ্ডত বজাই অৰ্থ উপাৰ্জন কৰিছিল। কিন্তু তেওঁৰ লগত পঢ়া-শুনাও কৰি আছিল। কেতিয়াবা বেণ্ডত বজাই ৫০ টকা উপাৰ্জন কৰিছিল, কেতিয়াবা তাতোকৈ কম। আগতে জোতা পলিচ কৰি ২০-৩০ টকা উপাৰ্জন কৰিছিল। দেউতাই আন কাৰোবাৰ অটো চলাইছিল। স্কুলৰ পৰা উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে।

গজুৱে কয় যে কলেজত পঢ়ি থাকোঁতে তেওঁৰ জীৱনত এটা নতুন টাৰ্নিং  আহিছিল। স্নাতক হোৱাৰ পাছত মহাবিদ্যালয়খনৰ অধ্যাপক পৰশ কুমাৰৰ সহযোগত তেওঁ প্ৰতিযোগিতামূলক পৰীক্ষাত বহিব। ইটোৰ পাছত সিটো পৰীক্ষাত ফেইল কৰিলে। কিন্তু তেওঁ হাৰ নামানিলে। ২৫ বাৰ ফেইল কৰাৰ পাছত অৱশেষত গজুৱে ৰেল পৰীক্ষাত উত্তীৰ্ণ হয়। প্ৰথম পোষ্টিং হৈছিল বিকানেৰত। ইয়াৰ পাছত বেৱাৰত ষ্টেচন মেনেজাৰ পদত যোগদান কৰে। আৰু গজে সিঙে ৩৫ বছৰৰ পাছত যাত্ৰীৰ জোতা পলিচ কৰা ষ্টেচন বেৱাৰ ষ্টেচনলৈ ৰেল বিষয়া হিচাপে ঘূৰি আহে।