NORTHEAST NOW (Assamese)
দেশ

Father rape his own daughter : অন্য জাতিৰ যুৱকৰ সৈতে বিয়াত বহাই হ’ল কাল! নিজ পিতৃয়ে ধৰ্ষণ কৰি হত্যা কৰিলে জীক

Posted by: এন ই নাও নিউজ, গুৱাহাটী November 17, 2021 10:31 am
Man rapes daughter for marrying outside caste

জাতি-বৰ্ণৰ কৰাল গ্ৰাসৰ পৰা এতিয়াও মুক্ত হ’ব পৰা নাই দেশ। জাতি বৈষম্যই কেনে নৃশংস ৰূপ ল’ব পাৰে সেয়া কাৰো অবিদিত নহয়। এনে এক নৃশংস কাণ্ড পোহৰলৈ অহাৰ পিছত চাঞ্চল্যৰ সৃষ্টি কৰিছে মধ্য প্ৰদেশত।

মধ্য প্ৰদেশৰ ভূপাল জিলাৰ ৰতিবাদত এজন ৫৫ বছৰীয়া ব্যক্তিয়ে অন্য জাতিৰ যুৱকৰ সৈতে প্ৰেম আৰু বিয়াত বহাৰ বাবেই তেওঁৰ জীয়েকক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

ৰতিবাদ ষ্টেচন হাউচ অফিচাৰ সুদেশ তিৱাৰীয়ে জনোৱা অনুসৰি কিছুদিন পূৰ্বে ভূপালৰ সমাচগড় বনাঞ্চলত এগৰাকী মহিলা আৰু এজন শিশুৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হৈছিল। যেতিয়া আৰক্ষীয়ে বিষয়টো অনুসন্ধান আৰম্ভ কৰিছিল, মৃতদেহটো চেহোৰ জিলাৰ বিলকিচগঞ্জৰ এগৰাকী মহিলা হিচাপে চিনাক্ত কৰা হৈছিল।

আৰক্ষীয়ে মহিলাগৰাকীৰ পৰিয়ালক জেৰা কৰাৰ পিছত জানিব পাৰিলে যে মৃত মহিলাগৰাকী অন্য জাতিৰ যুৱকৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছত পৰিয়ালটো অসন্তুষ্ট হৈছিল।

পৰিয়ালটোৱে প্ৰথমে মহিলা গৰাকী আৰু তেওঁৰ সন্তান ৰোগাক্ৰান্ত হৈ মৃত্যু বৰণ কৰে আৰু মহিলাগৰাকীৰ পিতৃয়ে অন্তিম সংস্কাৰৰ বাবে মৃতদেহ দুটা অৰণ্যলৈ লৈ গৈছিল বুলি উল্লেখ কৰিছিল।

কিন্তু সন্দেহবশত: আৰক্ষীয়ে পৰিয়ালটোক অধিক সোধা-পোছা কৰাৰ পিছত দেউতাকে অপৰাধ স্বীকাৰ কৰিছিল।

সুদেশ তিৱাৰীৰ মতে, দেউতাকে জেৰাৰ সময়ত কৈছিল যে পৰিয়ালটোক সমাজে মহিলাগৰাকীৰ প্ৰেম বিবাহক লৈ তাচ্ছিল্য কৰিছিল। বিয়াৰ পিছত তেওঁ মাক দেউতাকৰ ঘৰলৈ অহা নাছিল।বিবাহক লৈ দেউতাক আৰু জীয়েকৰ মাজত তৰ্ক হৈছিল।

বিগত দেৱালীত মহিলা গৰাকী নিজৰ ডাঙৰ ভগ্নীৰ ঘৰলৈ গৈছিল। দুৰ্ভাগ্যবশতঃ তেওঁৰ সন্তানটি ৰোগত আক্ৰান্ত হৈ তাতে মৃত্যুবৰণ কৰিছিল।

এই খবৰ পোৱাৰ পিছত মহিলা গৰাকীৰ দেউতাক ৰতিবাদত উপস্থিত হয়। জীয়েকৰ সৈতে হোৱা বাদানুবাদৰ পিছত নিজ পিতৃয়েই মহিলা গৰাকীক ধৰ্ষণ কৰে আৰু হত্যা কৰে।

আৰক্ষীৰ ওচৰত ইতিমধ্যে অভিযুক্ত দেউতাকে নিজৰ অপৰাধ স্বীকাৰ কৰিছে আৰু ভাৰতীয় দণ্ডবিধিৰ ৩০২ আৰু ৩৭৬ ধাৰাৰ অধীনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।