NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত চাঞ্চল্যকৰ কাণ্ড: অচিনাক্ত আততায়ীৰ গুলীচালনাত এজন আহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 31, 2022 8:50 pm
Man shot in Dibrugarh

এক চাঞ্চল্যকৰ গুলীচালনা কাণ্ডই আজি সন্ধিয়া জোকাৰি গৈছে ডিব্ৰুগড় জিলা। জিলাখনৰ লালুকত অচিনাক্ত বন্দুকধাৰীৰ গুলীত গুৰুতৰভাৱে আহত হৈছে এগৰাকী লোক।

আহত ব্যক্তিগৰাকীক সিদ্ধাৰ্থ ৰাজখোৱা বুলি চিনাক্ত কৰা হৈছে। ডিব্ৰুগড়ৰ আদালতত কৰ্মৰত ব্যক্তিগৰাকীক স্থানীয় দোকান এখনৰ কাষত ৰৈ থকাৰ সময়তে বাইকত অহা দুই আততায়ীয়ে গুলীচালনা কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে বাইক আৰোহী আততায়ী দুগৰাকীয়ে নিচেই কাষৰ পৰা গুলীচালনা কৰাৰ বাবে ব্যক্তিগৰাকী গুৰুতৰভাৱে আহত হয়।

আহত সিদ্ধাৰ্থ ৰাজখোৱা নামৰ ব্যক্তিগৰাকীক লগে লগে ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজলৈ লৈ যোৱা হয় আৰু তাতে বৰ্তমান চিকিৎসাধীন হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

ইফালে ব্যক্তিগৰাকীক কিয় আক্ৰমণৰ লক্ষ্য কৰা হৈছিল, সেই বিষয়ে কোনো তথ্য লাভ কৰা নাই যদিও আৰক্ষীয়ে সন্দেহবশত: দুগৰাকী লোকক আটক কৰিছে।

ঘটনাৰ বিশদ তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি লগতে জানিবলৈ দিছে।