NORTHEAST NOW (Assamese)
অসম

ভাগৱতৰ বাণী বিলোৱাৰ উদ্দেশ্যৰে যুৱকৰ চাইকেল যাত্ৰা; শিৱসাগৰত উপস্থিত

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ November 27, 2019 8:30 pm
ভাগৱতৰ বাণী বিলোৱাৰ উদ্দেশ্যৰে যুৱকৰ চাইকেল যাত্ৰা; শিৱসাগৰত উপস্থিত

ৰাইজৰ মাজত ভাগৱতৰ বাণী বিলোৱাৰ লগতে প্ৰদূষণৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে চাইকেলেৰে দেশৰ কেইবাখনো ৰাজ্য পৰিভ্ৰমণ কৰা গুৱাহাটীৰ এজন যুৱক আজি শিৱসাগৰত উপস্থিত হয়।

যুৱকজনৰ নাম হৰি ধামেশ্বৰ। ইতিমধ্যে তেওঁ ৩৬০০ কিলোমিটাৰ বাট চাইকেলেৰে অতিক্ৰম কৰিছে।

বেলগাঁৱৰ পৰা যাত্ৰা আৰম্ভ কৰা হৰি ধামেশ্বৰে মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ হৈ গুৱাহাটীত উপস্থিত হয়। পিছত গুৱাহাটীৰ পৰা শ্বিলং, নগাঁও, গোলাঘাট যোৰহাট হৈ আজি তেওঁ শিৱসাগৰ আহি পায়।

বৃহস্পতিবাৰে শিৱসাগৰৰ পৰা ডিব্ৰুগড়ৰৰ বগীবিল হৈ ধেমাজী, লক্ষীমপুৰ, বিশ্বনাথ চাৰিআলিৰ পৰা গুৱাহাটীলৈ যাব বুলি তেওঁ জানিবলৈ দিয়ে।

বৰ্তমানৰ যান্ত্ৰিকতা যুগত অত্যাধিক প্ৰদূষণ হোৱাৰ বাবে যান-বাহনৰ পৰিৱৰ্তে ৰাইজক চাইকেল চলোৱাৰ প্ৰতি সজাগ কৰা আৰু ভাগৱত গীতাৰ বাণী নগৰে চহৰে গাঁৱে ভূয়ে প্ৰচাৰ কৰাটোৱেই মূল লক্ষ্য আৰু উদ্দেশ্য বুলি তেওঁ কয়।