NORTHEAST NOW (Assamese)
ক্ৰীড়া

ৰাষ্ট্ৰীয় ছিনিয়ৰ মহিলা ফুটবলত বিজয়ী মণিপুৰ

Posted by: এন ই নাও নিউজ October 3, 2018 8:44 am
Womenfootball380

উৰিষ্যাত অনুষ্ঠিত ২৪ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ মহিলা ফুটবলত পুনৰবাৰ বিজয়ীৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে মণিপুৰ। মণিপুৰৰ দলটোৱে ফাইনেলত ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে ঘৰুৱা দল উৰিষ্যাক।

বাৰাবতী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক ফাইনেল খেলখনত বিজয়ী দলৰ হৈ ৪৪ মিনিটত অধিনায়িকা বালা দেৱীয়ে প্ৰথমটো আৰু ৫০ মিনিটত প্ৰেমেশ্বৰী দেৱীয়ে দ্বিতীয়টো গ’ল কৰে। ইফালে মেচ শেষ হ’বলৈ মাত্ৰ কেই মিনিটমান বাকী থকা অৱস্থাত ঘৰুৱা দল উৰিষ্যাৰ হৈ একমাত্ৰ গ’লটো দিয়ে আৰতী শেঠীয়ে।

২৪ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ মহিলা ফুটবলত ফাইনেললৈ অগ্ৰসৰ হোৱাৰ বাবে দুয়োটা দলে ছেমি ফাইনেলত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হয়। প্ৰথমখন ছেমি ফাইনেলত মণিপুৰে শেষ পৰ্যায়ত ৰে’লৱেক টাইব্ৰেকাৰত ৪-৩ আৰু উৰিষ্যাই যোৱাবাৰৰ চেম্পিয়ন তামিলনাডুক অতিৰিক্ত সময়ত গ’ল দি ৪-৩ ব্যৱধানত পৰাস্ত কৰিছিল।

উল্লেখ্যযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মানীয় প্ৰতিযোগিতাখনত মণিপুৰে এই পৰ্যন্ত অভিলেখ সংখ্যক ১৯ বাৰৰ বাবে বিজয়ীৰ সন্মান অৰ্জন কৰিছে।