NORTHEAST NOW (Assamese)
Popular Stories

COVID-19ৰ পৰা মুক্ত হ’ল মণিপুৰ; আৰোগ্য আক্ৰান্ত দুয়োগৰাকী ব্যক্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 20, 2020 7:55 am
3590 persons test Covid19 positive in Assam on Wednesday

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈছে চুবুৰীয়া মণিপুৰ ৰাজ্য। COVID-19ত আক্ৰান্ত হোৱা ৰাজ্যখনৰ দুয়োজন ৰোগী বৰ্তমান সুস্থ হৈ উঠিছে।

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বিৰেণ সিঙে দেওবাৰে জনাই যে ৰাজ্যখনত এতিয়া কোনো COVID-19ৰ পজিটিভ কেচ নাই।

‘মই জনাবলৈ পাই সুখী যে মণিপুৰ বৰ্তমান ক’ৰ’না মুক্ত। দুয়োজন ৰোগীয়ে সম্পূৰ্ণ সুস্থ হৈ উঠিছে আৰু টেষ্ট কৰোঁতে নিগেটিভ পোৱা গৈছে। ৰাজ্যখনত ভাইৰাছটোত কোনো নতুন লোক আক্ৰান্ত হোৱা নাই। ৰাইজ আৰু স্বাস্থ্য কৰ্মীসকলৰ সহযোগ তথা ল’কডাউন কঠোৰভাৱে প্ৰয়োগ কৰাৰ বাবে এইয়া সম্ভৱ হৈ উঠিছে’- নিজৰ টুইটত তেওঁ এইদৰে কয়।

ৰাজ্যখনৰ এগৰাকী স্বাস্থ্য বিষয়াই জানিবলৈ দিয়া মতে দ্বিতীয়টো টেষ্ট যদি নিগেটিভ ওলায় তেতিয়া দ্বিতীয় ৰোগীজনক সোনকালেই ঘৰলৈ যাব দিয়া হ’ব।

৬৫ বছৰীয়া উক্ত ৰোগী গৰাকী দিল্লীৰ নিজামুদ্দিনৰ তবলিগী জামাতৰ অনুষ্ঠানৰ পৰা ঘুৰি অহাৰ পিছতে তেওঁৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

আনহাতে ৰাজ্যখনৰ  COVID-19ত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী আছিল UKৰ পৰা ঘুৰি অহা এগৰাকী ২৩ বছৰীয়া যুৱতী।