NORTHEAST NOW (Assamese)
Popular Stories

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগ!

February 9, 2025 6:28 pm

ৰাজ্যত গোষ্ঠীগত হিংসাৰ প্ৰায় ২ বছৰৰ পাছত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগ! মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে দেওবাৰে ৰাজ্যৰ ৰাজধানী ইম্ফলত ৰাজ্যৰ ৰাজ্যপালৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছত পদত্যাগ পত্ৰ দাখিল কৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম News18য়ে প্ৰকাশ কৰা অনুসৰি কংগ্ৰেছে অনাস্থা প্ৰস্তাৱৰ ভাবুকি তেওঁৰ পদত্যাগত নিৰ্ণায়ক ভূমিকা পালন কৰিছে।

মণিপুৰ বিধানসভাত অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হবলগীয়া হোৱাৰ এদিন পূৰ্বে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে দেওবাৰে ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে।

ইয়াৰ পূৰ্বে সিঙক দিল্লীলৈ গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ মাতি অনা হৈছিল। শ্বাহৰ বাসগৃহত ১৫ মিনিট ধৰি চলিছিল এই বৈঠক। সিং ডাঙৰীয়াৰ লগত বিজেপি আৰু নগা পিপলছ ফ্ৰণ্টৰ ১৪ জন বিধায়ক উপস্থিত থাকে।

ইম্ফললৈ উভতি অহাৰ কিছু সময়ৰ পাছতে সিঙে ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ আগবঢ়ায়। তেওঁৰ সৈতে মণিপুৰৰ দায়িত্বত থকা ভাৰতীয় জনতা পাৰ্টিৰ সম্বিত পাত্ৰ আৰু বিজেপিৰ ৰাজ্যিক সভাপতি এ শাৰদা দেৱীও উপস্থিত থাকে।