NORTHEAST NOW (Assamese)
অসম

মণিপুৰত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১২৩৪ গৰাকীলৈ বৃদ্ধি; আৰোগ্যৰ হাৰ ৪৪.৮১ শতাংশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 1, 2020 10:45 am
মণিপুৰত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১২৩৪ গৰাকীলৈ বৃদ্ধি; আৰোগ্যৰ হাৰ ৪৪.৮১ শতাংশ

মণিপুৰত কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা ১২৩৪ গৰাকীলৈ বৃদ্ধি পাইছে। মঙলবাৰে পুনৰ নতুনকৈ সাত গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

বিগত ২৪ ঘণ্টাত নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা সাত গৰাকী লোকৰ ভিতৰত পাঁচ গৰাকী পুৰুষ আৰু দুগৰাকী মহিলা।

নতুনকৈ আক্ৰান্ত লোক সাত গৰাকী বিষ্ণুপুৰ, পূৱ ইম্ফল, কাংগপোকপি আৰু সেনাপতি জিলাৰ।

আক্ৰান্ত এই লোক সকলৰ সকলোৱে অন্য ৰাজ্যৰ পৰা উভতি অহা।

ক’ৰ’না আক্ৰান্ত আটাইকেইগৰাকী লোককে বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আনহাতে, ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ৰ পৰা ২৪ ঘণ্টাত ৫৯ গৰাকী লোকক মুক্তি দিয়া হৈছে। ইয়াৰ ভিতৰত মেইতৰমৰ পৰা ৫ গৰাকী, উখৰুলৰ পৰা ১৯ গৰাকী, ৰিজঅ’নেল ইষ্টিটিউট অফ মেডিকেল চায়েঞ্চৰ পৰা দুগৰাকী, জে এন আই এম এছৰ পৰা ২৪ গৰাকী আৰু চৌৰাচান্দপুৰ জিলা হস্পাতালৰ পৰা ৯ গৰাকী লোকক মুক্তি দিয়া হয়।

মণিপুৰত বৰ্তমানলৈ ৫৫৩ গৰাকী লোক ক’ৰ’নাৰ পৰা আৰগ্য লাভ কৰিছে। ৰাজ্যত আৰোগ্যৰ হাৰ হৈছে ৪৪.৮১ গৰাকী।