NORTHEAST NOW (Assamese)

হিংসাজৰ্জৰ মণিপুৰত সীমিত ইণ্টাৰনেট সেৱা প্ৰদান কৰিবলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

June 20, 2023 1:05 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 20, 2023 1:55 pm

অগ্নিগৰ্ভা হৈ উঠিছে মণিপুৰ; অব্যাহত আছে হিংসাজৰ্জৰ পৰিস্থিতিৰ। হিংসাত্মক কাৰ্যকলাপ প্ৰতিৰোধৰ দোহাই দি আছে যোৱা এমাহতকৈও অধিক সময় ৰাজ্যখনত কৰ্তন হৈ আছে ইণ্টাৰনেট সেৱা। অৱশেষত ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ইণ্টাৰনেট সেৱা পুনৰ লাভ কৰিব মণিপুৰৰ জনসাধাৰণে।

ৰাজ্যৰ কেইবাগৰাকীও ব্যক্তিয়ে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ প্ৰতি সঁহাৰি জনাই মণিপুৰ উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন আদেশ যোগে ৰাজ্য চৰকাৰক কিছুমান নিৰ্দিষ্ট স্থানত জনসাধাৰণক সীমিত ইণ্টাৰনেট সেৱা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।

বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত জনসাধাৰণে সন্মুখীন হোৱা কষ্টৰ প্ৰতি লক্ষ্য ৰাখি উচ্চ ন্যায়ালয়ে জনসাধাৰণৰ জৰুৰী আৰু অত্যাৱশ্যকীয় সেৱাসমূহ উপলদ্ধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ দিয়ে।

শুকুৰবাৰে ৰাজ্যত ইণ্টাৰনেট সেৱা পুনৰুদ্ধাৰৰ বাবে ৰাজহুৱা স্বাৰ্থৰ গোচৰৰ গোট শুনানি গ্ৰহণ কৰি ন্যায়াধীশ অহন্তেম বিমোল সিং আৰু এ গুণেশ্বৰ শৰ্মাই এই নিৰ্দেশ জাৰি কৰে। উল্লেখ্য যে, বিগত ৪ মে’ৰ পৰা ইণ্টাৰনেট নিষেধাজ্ঞাৰ সন্মুখীন হ’বলগীয়া হৈছে মণিপুৰ।

আদালতে লগতে ভোডাফোন, আইডিয়া, জিঅ’, বিএছএনএল আৰু এয়াৰটেল আদি টেলিকম কোম্পানীসমূহক ছ’চিয়েল মিডিয়া ৱেবছাইট সমূহ বন্ধ কৰি ৰাজ্যখনত আইন-শৃংখলা বজাই ৰখাৰ বাবে জনসাধাৰণক সীমিত ইণ্টাৰনেট সেৱা প্ৰদান কৰাৰ কোনো সম্ভাৱনীয়তা আছে নেকি সেই বিষয়ে ব্যাখ্যা কৰি এক চুটি শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

বিচাৰপীঠে এই গোচৰসমূহৰ পৰৱৰ্তী শুনানি অহা ২৩ জুনত নিৰ্ধাৰণ কৰিছে। উল্লেখ্য যে, এমাহৰো অধিক সময় ধৰি মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ১০০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে। লগতে গৃহহীন হৈ পৰিছে হাজাৰ হাজাৰ লোক।

Related News