NORTHEAST NOW (Assamese)
Uncategorized

পুনৰ অশান্ত মণিপুৰ : দুই শিক্ষাৰ্থীৰ মৃত্যুত দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া বিৰোধীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 28, 2023 2:05 pm

শান্ত হোৱা নাই মণিপুৰ ৰাজ্য। হিংসাৰ অগনি নুমুৱা নাই মণিপুৰত। যোৱা মে মাহৰ পৰা প্ৰতিদিনেই অশান্ত হৈ আছে ৰাজ্যখন। এতিয়াও মণিপুৰলৈ আহিবলৈ সময় পোৱা নাই বিদেশ ভ্ৰমণ আৰু পাঁচৰাজ্যৰ বিধান সভাৰ নিৰ্বাচনত ব্যস্ত থকা নৰেন্দ্ৰ মোদীয়ে। 

মণিপুৰত সাম্প্ৰদায়িক হিংসাত দুজন কিশোৰৰ মৃত্যুৰ  ঘটনা পোহৰলৈ অহাৰ পাছত আকৌ এবাৰ সৰ্বত্ৰে চৰ্চা লাভ কৰিছে মণিপুৰৰ প্ৰসংগই। উল্লেখ্য যে মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙৰ এজন বিষয়াই জনোৱা মতে যোৱা জুলাই মাহৰ পৰা ২০ বছৰীয়া ছাত্ৰ  ফিজম হেমজিত আৰু ১৭ বছৰীয়া ছাত্ৰী হিজম লিন্থোইংগাম্বী নামৰ দুজন ছাত্ৰ নিখোজ হৈ আছিল। আৰু শেহতীয়াকৈ এই দুজন ছাত্ৰৰ মৃতদেহৰ ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। আৰক্ষীৰ প্ৰাথমিক তদন্তত ছাত্ৰ দুজনৰ মৃত্যুৰ বাতৰিটো সত্য বুলি প্ৰমাণিত হৈছে। এই ঘটনাৰ পিছতেই এতিয়া শাসকীয় বিজেপিয়ে বিৰোধীৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। 

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে এটা টুইটযোগে বিজেপিক সমালোচনা কৰি লিখিছে – ‘মণিপুৰৰ আন এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। গোষ্ঠীগত হিংসাৰ বলি হৈছে শিশুসকল। তেওঁলোকক সুৰক্ষা দিয়াটো আমাৰ কৰ্তব্য আৰু তাৰ বাবে আমি যিকোনো পদক্ষেপ লোৱাটো প্ৰয়োজন। কিন্তু মণিপুৰত ইটোৰ পিছত সিটোকৈ ঘটি থকা জঘন্য অপৰাধবোৰ কল্পনাৰ বাহিৰত। তথাপিও তেওঁলোকক কোনো প্ৰতিৰোধ নোহোৱাকৈ আগবাঢ়ি যাবলৈ দিয়া হৈছে। এই নিষ্ক্ৰিয়তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লাজ পাব লাগে।” 

মঙলবাৰে কংগ্ৰেছে এই ঘটনা সংবাদ মাধ্যমত প্ৰকাশ কৰিবলৈ আন্দোলন কৰে। প্ৰিয়ংকা গান্ধীয়ে টুইটাৰত (এতিয়া এক্স) লিখিছে, ‘মণিপুৰৰ পৰা পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ ঘটনা। জনগোষ্ঠীয় হিংসাৰ বলি হৈছে শিশুসকল। তেওঁলোকক সুৰক্ষা দিয়াটো আমাৰ কৰ্তব্য আৰু তাৰ বাবে আমি যিকোনো পদক্ষেপ লোৱাটো প্ৰয়োজন। কিন্তু মণিপুৰত ইটোৰ পিছত সিটোকৈ ঘটি থকা জঘন্য অপৰাধবোৰ কল্পনাৰ বাহিৰত। আৰু তথাপিও তেওঁলোকক কোনো প্ৰতিৰোধ নোহোৱাকৈ আগবাঢ়ি যাবলৈ দিয়া হৈছে। ইয়াৰ নিষ্ক্ৰিয়তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লাজ পাব লাগে।” 


উল্লেখ্য যে, যোৱা ৩ মে’ৰ পৰা গোষ্ঠীগত হিংসাৰ ফলত বিধ্বস্ত হৈ পৰিছে মণিপুৰ ৰাজ্য। ৰাজ্যখনৰ আৰক্ষী আই জি আই – কে মুইভাই শেহতীয়াকৈ জনাইছে যে বিগত ৪ মাহত ৰাজ্যখনত কমেও ১৭৫ জন লোকে প্ৰাণ হেৰুৱাইছে, হাজাৰৰো অধিক লোক আহত হৈছে আৰু ৩২ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। ইয়াৰ উপৰিও হিচাপহীন হাৰত নাৰী আৰু শিশুৰ ওপৰত চলিছে বিভিন্ন ধৰণৰ পাশৱিক নিৰ্যাতন। ইমানৰ পিছতো এতিয়ালৈকে ৰাজ্যখনলৈ যাবলৈ এবাৰো সময় নহ’ল দেশৰ স্বঘোষিত চৌকিদাৰ নৰেন্দ্ৰ মোদীৰ।