NORTHEAST NOW (Assamese)
অসম

মণিপুৰত নতুনকৈ ৩০১ গৰাকী লোক কোভিড প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 15, 2020 4:15 pm
মণিপুৰত নতুনকৈ ৩০১ গৰাকী লোক কোভিড প’জিটিভ

মণিপুৰত বুধবাৰে নতুনকৈ ৩০১ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰ ফলত ৰাজ্যখনত মুঠ ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ১৪,০৯৪ গৰাকীলৈ বৃদ্ধি পায়।

বিগত ২৪ ঘণ্টাত মণিপুৰত ক’ৰ’না প’জিটিভ হোৱা ৩০১ গৰাকী লোকৰ ভিতৰত ২৮১ গৰাকী সাধাৰণ নাগৰিক ইয়াৰ ভিতৰত ১৫০ গৰাকী পুৰুষ আৰু ১৩১ গৰাকী মহিলা।

আনহাতে, ২০ গৰাকী চি এ পি এফ জোৱানৰ শৰীৰতো ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

ৰাজ্যখনৰ ২১ টা কোভিড পৰীক্ষণ কেন্দ্ৰত এইসকল লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

মণিপুৰৰ পশ্চিম ইম্ফলত ৪৯ গৰাকী, পূৱ ইম্ফলৰ ৯৪ গৰাকী, উখৰুলৰ তিনিগৰাকী, ননেইৰ দুগৰাকী, থৌবালৰ ৫৭ গৰাকী, বিষ্ণুপুৰৰ ৯ গৰাকী, কাংগপোকিৰ ২১ গৰাকী, কাকচিঙৰ ১৫ গৰাকী, চাণ্ডেলৰ ১৪ গৰাকী, চুৰাচাণ্ডপুৰৰ ১২ গৰাকী, সেনাপতিৰ এগৰাকী আৰু তামেঙলঙৰ গৰাকী ব্যক্তি ক’ৰ’না প’জিটিভ হয়।

মণিপুৰত বিগত ২৪ ঘণ্টাত ছয় গৰাকী লোকে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাবলগীয়া হয়।

ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’নাৰ সংক্ৰমণত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১০৩ গৰাকীলৈ বৃদ্ধি পায়।