NORTHEAST NOW (Assamese)
Popular Stories

মণিপুৰত উদ্ধাৰ হোৱা দ্বিতীয় বিশ্বযুদ্ধৰ বিস্ফোৰক! ধ্বংস কৰিলে ৰাজ্যিক আৰক্ষীয়ে

Posted by: বিট ইৰম, মণিপুৰ Updated by: বিট ইৰম, মণিপুৰ March 6, 2025 7:42 pm

মণিপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে মণিপুৰৰ ইম্ফল পশ্চিমৰ গেম ভিলেজৰ ডাম্পিং ছাইটত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ মুঠ ২৭টা বোমা, বিস্ফোৰক, আৰু অন্যান্য যুদ্ধ সামগ্ৰী ধ্বংস কৰে।

বিষয়াসকলে জনোৱা মতে, মণিপুৰ আৰক্ষীৰ বোমা গোয়েন্দা আৰু ডিছপজেল স্কোয়াড আৰু বিষ্ণুপুৰ আৰক্ষীৰ বিশেষজ্ঞ দলে বিয়লি প্ৰায় ৩:১০ বজাত গেম ভিলেজ ডাম্পিং ছাইটত বিস্ফোৰকটো ধ্বংস কৰে।

বিষ্ণুপুৰ জিলা আৰক্ষীয়ে বিস্ফোৰক সামগ্ৰীসমূহ থানাৰ নিৰাপদ জিম্মাত ৰাখিছিল ৷ পাছত জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ ৰায়দানৰ ফলত বিস্ফোৰক সামগ্ৰীসমূহ ভাঙি পেলোৱা হয়।

প্ৰতিবেদনত কোৱা হৈছে যে, ২০২২ চনৰ ১১ ছেপ্টেম্বৰত মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ খা-পোৎছাংবাম গাঁৱৰ এজন যুমান নিমাইৰ আৱাসিক এলেকাত মণিপুৰ বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ সহযোগত জাপান এছচিয়েশ্যন ফৰ ৰিকাভাৰী এণ্ড ৰিপেট্ৰিয়েচন অৱ ৱাৰ কেজুৱেলটিছৰ এটা দলে বিস্ফোৰক সামগ্ৰীসমূহ উদ্ধাৰ কৰে।

উল্লেখ্য যে, মণিপুৰ দ্বিতীয় বিশ্বযুদ্ধৰ যুদ্ধক্ষেত্ৰত পৰিণত হৈছে। কৰ্তৃপক্ষই বিগত বহু বছৰত মণিপুৰ আৰু নাগালেণ্ডৰ পৰা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ বিস্ফোৰক আৰু অন্যান্য যুদ্ধ সামগ্ৰী উদ্ধাৰ কৰিছে।

এই  সময়ত ১৯৪৪ চনত নেতাজী সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ সহায়ত মিত্ৰশক্তিৰ সৈন্য আৰু জাপানী সেনাৰ মাজত তীব্ৰ যুদ্ধৰ সাক্ষী হৈছিল।