NORTHEAST NOW (Assamese)
Popular Stories

আৰ এছ এছক নিষিদ্ধ কৰিলেহে ‘মুনুবাদ’ শেষ হ’ব; ভীম সেনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 23, 2020 6:34 pm

‘আৰ এছ এছক নিষিদ্ধ কৰিলেহে দেশত ‘মুনুবাদ’ শেষ হ’ব।’ এই বিস্ফোৰক মন্তব্য ভীম সেনাৰ অধ্যক্ষ চন্দ্ৰশেখৰ আজাদৰ।

নাগপুৰত আয়োজিত বিশাল সমাৱেশত এই মন্তব্য কৰে চন্দ্ৰশেখৰ আজাদে।

উল্লেখ্য ভীম সেনাই মহাৰাষ্ট্ৰৰ নাগপুৰত আয়োজিত কৰা সমাৱেশ নাগপুৰ আৰক্ষীয়ে অনুমতি নিদিলেও বুম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰৰ শাখাই চৰ্তসাপেক্ষে এই সমাৱেশ আয়োজনৰ অনুমতি প্ৰদান কৰে।

আৰ এছ এছৰ স্মূতি মন্দিৰৰ সন্মুখৰ  বেৰাৰ গ্ৰাউণ্ডত বিশাল জনগণক সম্বোধি আজাদে কয় যে ‘আমি বিশ্বাস কৰোঁ দেশৰ সংবিধানক আৰু আৰ এছ এছে বিশ্বাস কৰে মনুস্মৃতিক। আৰ এছ এছক নিষিদ্ধ কৰিলে মুনবাদ শেষ হ’ব।’

এই সমাৱেশৰ আয়োজনৰ অনুমতিক লৈ যথেষ্ট বিতৰ্কৰ সূত্ৰপাত হৈছিল। দুই বিপৰীত মতাদৰ্শৰ আৰ এছ এছ আৰু ভীম সেনাৰ মাজত সংৰ্ঘষৰ সংঘটিত হ’লে আইন শৃংখলা বিঘ্নিত হোৱাৰ আংশকা কৰিয়ে নাগপুৰ আৰক্ষীয়ে এই সমাৱেশ আয়োজনৰ বাবে ভীম সেনাক অনুমতি দিব খোজা নাছিল।

কিন্তু বোম্বে উচ্চ ন্যায়ালয়ে নাগপুৰ আৰক্ষীৰ এই অভিযোগ নস্যাৎ কৰি চৰ্তসাপেক্ষে ভীম সেনাক সমাৱেশ আয়োজনৰ অনুমতি প্ৰদান কৰে।

ইফালে ভীম সেনাৰ অধ্যক্ষ চন্দ্ৰশেখৰ আজাদে প্ৰত্যাহ্বান জনাইছিল যে ‘কোনেও মোক সমাৱেশ আয়োজনত বাধা দি ৰাখিব নোৱাৰে।মই গণতান্ত্ৰিক দেশত বাস কৰোঁ, মোৰ য’লৈ ইচ্ছা তালৈকে যাম।’

আজাদে সমাৱেশত আৰু কয় যে, কা আৰু এন আৰ চিয়ে দলিত, অন্যান্য পিচপৰা জাতি আৰু সংখ্যালঘুক হাৰাশাস্তি কৰিব। সংবিধানৰ ১৯ নং অনুচ্ছেদ নাগৰিকক চৰকাৰৰ জনবিৰোধী নীতি আৰু সিদ্ধান্তক বিৰোধ আৰু প্ৰতিৰোধ কৰাৰ অধিকাৰ দিছে।