NORTHEAST NOW (Assamese)

নাগৰিকত্ব বিধেয়ক, ২০১৬ বাতিলৰ দাবীত মাৰ্ঘেৰিটাত আছুৰ উত্তাল প্ৰতিবাদ

January 7, 2019 6:16 pm · মানস প্ৰতিম গগৈ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই মাৰ্ঘেৰিটা চেগুনবাৰীস্থিত ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি উত্তাল প্ৰতিবাদ কৰে। ছাত্ৰ সংগঠনটোৱে লগতে প্ৰতীকী “নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬” দাহ কৰাৰ উপৰিও ৰাজপথত ক’লা পতাকা দেখুৱাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

অৰ্ধ শতাধিক আছু কৰ্মীয়ে  ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি অতি শীঘ্ৰেই এই বিধেয়ক বাতিল কৰাৰ দাবী জনায় মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই। ‘নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ বাতিল নহ’লে আৰু অধিক জংগী আন্দোলনৰ মুখামুখি হ’বলৈ সাজু থাকক’ বুলি বিজেপি নেতৃত্বাধীন চৰকাৰখনক প্ৰত্যাহ্বান জনায় মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই।

মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্তু গগৈ আৰু সম্পাদক প্ৰশান্ত গগৈয়ে অসমৰ মুখ্যমন্ত্ৰীক সৰ্বকালৰ মিছলীয়া আৰু কুলাংগাৰ মুখ্যমন্ত্ৰী আখ্যা দিয়ে। আনহাতে কাইলৈ আছুৱে আহ্বান দিয়া অসম বন্ধলৈ পূৰ্ণ সমৰ্থন দিবলৈ মাৰ্ঘেৰিটাৰ ৰাইজেও আহ্বান জনায় ছাত্ৰ সংগঠনটোৱে।

Related News