NORTHEAST NOW (Assamese)
অসম

ধনদাবীৰে সন্ত্ৰাস সৃষ্টি কৰা সত্যজিৎ অসমক মাৰ্ঘেৰিটা আৰক্ষীৰ দ্বাৰা আটক

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ December 20, 2019 9:03 pm
Margherita Story

দীৰ্ঘদিনে তিনিচুকীয়া জিলাখনৰ বিভিন্ন প্ৰান্তত ধনদাবীৰে সন্ত্ৰাস সৃষ্টি কৰি অহা সত্যজিৎ বড়ো ওৰফে সত্যজিৎ অসমক আজি মাৰ্ঘেৰিটা আৰক্ষীয়ে আটক কৰিছে।

দীৰ্ঘদিনে বিভিন্নজনৰ পৰা ধনদাবী, ট্ৰাক হাইজেক, সয়ম্ভু আন্দোলনকাৰীৰ ৰূপত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা আদি বিভিন্ন অভিযোগত সত্যজিতক আটক কৰি আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে ডিগবৈৰ একাংশ গুটখা ব্যৱসায়িক আলফা নেতা জীতেন দত্তৰ নামলৈ সত্যজিতে ধনদাবী কৰিছিল বুলি ডিগবৈ আৰক্ষী থানাত গোচৰ পঞ্জীয়ন হৈ আছিল।

ইয়াৰ পূৰ্বে মাৰ্ঘেৰিটাত জাগুনৰ পৰা অহা এখন কেঁচা তামোল পৰিবাহী ট্ৰাক হাইজেক কৰি পলাতক আছিল।

ইয়াৰ পাছতেই আলফা নেতা জীতেন দত্ত তথা বহুকেইজন আলচনা পন্থী আলফাৰ লগত থকা বিভিন্ন মুহূৰ্তৰ ফটো ফেচবুকত চেয়াৰ কৰি নিজকে সত্যজিৎ অসম বুলি পৰিচয় দি বিভিন্নজনৰ পৰা ভয়-ভাবুকিৰে ধনদাবীৰে তিনিচুকীয়া জিলা খনৰ ডিগবৈ তথা মাৰ্ঘেৰিটাৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল।

আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা সত্যজিতক আটক কৰাত মাৰ্ঘেৰিটা সচেতন মহলে আদৰণি জনাইছেঁ‌।

ধৃত সত্যজিতৰ ঘৰ মাৰ্ঘেৰিটাৰ মাকুমকিল্লাত বুলি জানিব পৰা গৈছে৷