NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাৰ পাৱৈ চেন্টাৰত আৰক্ষীৰ অভিযানত ৫ হাজাৰ লিটাৰ চোৰাং ডিজেল-পেট্ৰ’ল জব্দ

Posted by: মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা February 26, 2022 7:00 am
Margherita illegal petrol trade

মাৰ্ঘেৰিটা মহকুমা আৰক্ষীয়ে চোৰাং তেলৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং ডিজেল আৰু পেট্ৰ’ল জব্দ কৰিবলৈ সক্ষম হৈছে।

শুকুৰবাৰে মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত আৰু মাৰ্ঘেৰিটা তথা ডিগবৈ আৰক্ষীৰ সহযোগত মাৰ্ঘেৰিটা মহকুমাৰ পাৱৈ চেণ্টাৰ এলেকাৰ চাৰিটা স্থানত গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই প্ৰায় পাঁ‌চ হাজাৰ লিটাৰ চোৰাং তেল জব্দ কৰিবলৈ সক্ষম হয়।

চোৰাং তেল বেপাৰী দীপক সিং আৰু ভগৱান শ্বাহে উক্ত তেলখিনি মজুত কৰিছিল বুলি আৰক্ষীৰ সূত্ৰই  প্ৰকাশ কৰিছে।

লগতে পঢ়ক: চমন জাৰি কৰাৰ পাছতো আদালতত উপস্থিত নহ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা!

ডিগবৈ টাৰ্মিনেলৰ পৰা অহা তেল টেংকাৰ সমূহৰ একাংশ চালকক মেনেজ কৰি দীৰ্ঘদিন ধৰি তেওঁলোকে এই ব্যৱসায় চলাই আহিছিল।

ইতিপূৰ্বে পাৱৈৰ ভগৱান শ্বাহ মালিকানাধীন ধাবাত মহকুমা আৰক্ষীয়ে অভিযান চলাই তেল টেংকাৰসহ কেইবাজনো  লোকক গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ পাছতো তেল চোৰ ভগবানে চোং সলাই এই বেহা চলাই অহাৰ তথ্য লাভ কৰি শুকুৰবাৰে আৰক্ষীয়ে অভিযান চলাই প্ৰায় ৫ লাখ টকা মূল্যৰ চোৰাং তেল আৰু বহুকেইটা ড্ৰামৰ লগতে কেতবোৰ আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে কোনো লোকক আটক কৰিবলৈ সক্ষম নহ’ল।

লগতে পঢ়ক: ইউক্ৰেইনৰ সৈতে আলোচনাৰ বাবে বিশেষ চৰ্ত বান্ধি দিলে ৰাছিয়াই, কি সেই চৰ্ত?

আনহাতে, তেল চোৰ শ্বাহ আৰু সিঙক আটক কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।