NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত ‘লালিগুড়’ৰ বিৰুদ্ধে ১৪৪ ধাৰা জাৰি মহকুমা প্ৰশাসনৰ

Posted by: মানস প্ৰতিম গগৈ November 28, 2018 8:18 am
১৪৪ ধাৰা জাৰি

মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন অঞ্চলত লালিগুড়ৰ অপব্যৱহাৰ তথা লালিগুড়ৰ পৰা স্বাস্থ্য হানিকাৰক অবৈধ দেশীয় সুৰা প্ৰস্তূকৰণ, সৰবৰাহ তথা মজুতকৰণ বৃদ্ধিৰ আশংকা কৰি মাৰ্ঘেৰিটাত ১৪৪ ধাৰা জাৰি কৰা হৈছে।

মহকুমা দণ্ডাধীশে তৎকালীনভাৱে বলৱৎ হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্য্যবিধি আইনৰ অধীনত মহকুমাটোত ১৪৪ ধাৰা জাৰি কৰিছে। যদি কোনোৱে এই আদেশ অমান্য কৰে তেন্তে অমান্য কৰাসকলক ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰা অনুসৰি দণ্ডনীয় কৰা হ’ব।

উল্লেখযোগ্য যে মাৰ্ঘেৰিটা মহকুমাৰ দণ্ডাধীশে জাৰি কৰা এই আদেশ তৎকালীন বলৱৎ হোৱাৰ উপৰি আগন্তুক ৬০ দিনৰ বাবে এই নিৰ্দেশ বাহাল থাকিব বুলি এক প্ৰেছ বাৰ্তা যোগে ভাৰপ্ৰাপ্ত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া ঝৰ্ণা পাটগিৰিয়ে সংবাদ মাধ্যমক অৱগত কৰিছে।

এক সূত্ৰৰ পৰা জানিব পৰা মতে, আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মহকুমা প্ৰশাসনে এনে ধৰণৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।