প্ৰিন্স হ্যাৰিৰ বন্ধু কোন এইগৰাকী টেনিছ সুন্দৰী মাৰিয়া ছাৰাপ’ভাৰ প্ৰেমিক?
টেনিছ কোৰ্টৰ ৰাণী, মোহময়ী সৌন্দৰ্যৰ অধিকাৰী, লয়লাস ভংগিমাৰে পুৰুষৰ হৃদয়ত ভাৱনাৰ জোৱাৰ তোলা এইগৰাকী টেনিছ তাৰকা প্ৰেমত পৰিছে।
টেনিছ কোৰ্টৰ ভিতৰত যেনেকৈ খেলৰ মাজেৰে সকলোৰে দৃষ্টি কাঢ়িছে, খেলৰ বাহিৰত তেওঁৰ নিজৰ লাইফ ষ্টাইলক লৈ অধিক আগ্ৰহী অনুৰাগীসকল।
মহিলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো মাৰিয়া ছাৰাপ’ভাৰ বিষয়ে জানিবলৈ যেন কাৰোৱেই আগ্ৰহৰ অভাৱ ঘটা নাই।
টেনিছ তাৰকাগৰাকীয়ে এইবাৰ নিজৰ প্ৰেমৰ সম্পৰ্কে ছচিয়েল মিডিয়াত প্ৰকাশ কৰিছে। ব্ৰিটেইনৰ ব্যৱসায়ী আলেকজেণ্ডাৰ গিলকিছৰ সৈতে সম্পৰ্কৰ কথা স্বীকাৰ কৰিছে ছাৰাপ’ভাই।
৪১বছৰীয়া এই ব্যৱসায়ীগৰাকী প্ৰিন্স হ্যাৰিৰ বন্ধু। মাল্টি মিলিয়নেয়াৰ আলেকজেণ্ডাৰ লণ্ডনৰ প্যাডেল এইট নামৰ এটা নীলাম সংস্থাৰ গৰাকী।
ছচিয়েল মিডিয়াত ছাৰাপ’ভাই লিখিছে,’’সেই প্ৰথম দেখাতেই সঁহাৰি দিছিলো, মনত আছেনে তোমাৰ?’’
ইয়াৰ উত্তৰত আলেকজেণ্ডাৰে লিখিছে,’’তোমাক পাই মই পৃথিৱীৰ সকলোতকৈ সুখী মানুহ। জীৱনটো তোমাৰ সৈতে কটাব বিচাৰো মাৰিয়া।‘’
উইম্বলডন বিজয়েৰে আৰম্ভ হৈছিল যাত্ৰা। কিন্তু সুদীৰ্ঘ কেৰিয়াৰত প্ৰত্যাশা কৰা মতে সাফল্য লাভ নহ’ল। মুঠ পাঁচটা গ্ৰেণ্ড শ্লাম জিকিছে মাৰিয়াই।
ইয়াৰ পূৰ্বে বুলগেৰিয়াৰ টেনিছ তাৰকা ডিমিত্ৰভ, বাস্কেটবল তাৰকা চাছা আৰু এডাম লেভিৰ সৈতে সম্পৰ্কত জড়িত হৈছিল মাৰিয়া ছাৰাপ’ভা।
নতুন সম্পৰ্কৰ কথা পোহৰলৈ অহাৰ পাছতে মাৰিয়া-আলেকজেণ্ডাৰ যুটীক শুভেচ্ছাৰে উপচাই পেলাইছে বিভিন্ন চেলিব্ৰেটিসকলে।