NORTHEAST NOW (Assamese)
অসম

মৰিগাঁও জিলাত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতিৰ ওপৰত গুৰুত্বপূৰ্ণ সভা

Posted by: চানু গগৈ Updated by: চানু গগৈ January 5, 2021 8:10 pm

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি বিয়লি ৩ বজাত জিলা উপায়ুক্ত লীনা দাসৰ সঞ্চালনাত আগন্তুক গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুটি সন্দৰ্ভভত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

সভাত প্ৰতি বছৰৰ দৰে এই বেলিও গণতন্ত্ৰ দিৱসৰ  কাৰ্যসূচীৰ লগতে বিভিন্ন বিভাগৰ দ্বাৰা প্ৰতীক পট প্ৰদৰ্শন কৰাৰ সিদ্ধান্ত লোৱা হয়।

কোভিড-১৯ ৰ নতুন নিৰ্দেশনা আহিলে এইবৰ্ষৰ গণৰাজ্য দিৱস উদযাপনত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশ গ্ৰহণ কৰাৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত সিদ্ধান্ত লোৱা হ’ব বুলি সভাত আলোচিত হয়।

জিলা উপায়ুক্ত লীনা দাসে সভাত উপস্থিত সংশ্লিষ্ট বিভাগৰ বিষয়া সকলক নিষ্ঠা আৰু দায়বদ্ধতাৰে সহযোগ আগবঢ়াই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনায়।

আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত অজিত শৰ্মা, অতিৰিক্ত উপায়ুক্ত  ৰুমী বৰুৱা, অতিৰিক্ত উপায়ুক্ত দেৱযানী চৌধুৰী, জিলা আৰক্ষী অধীক্ষক ড০ নন্দসিং বৰকলা, সহ-আয়ুক্ত মৈত্ৰেয়ী মৰাণ, চক্ৰ বিষয়া সকল,  মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি, বিৰিঞ্চি কুমাৰ শৰ্মা, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সম্পাদক, জিতুমনি নাথ, অৱসৰ প্ৰাপ্ত বিষয়া তথা জ্যেষ্ঠ নাগৰিক   মিলেশ্বৰ পাটৰ, সমাজ কৰ্মী তথা শিক্ষক  লেনিন ডেকাকে ধৰি জিলা খনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়া সকল উপস্থিত থকাৰ বিষয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তাত এই কথা জানিবলৈ দিয়ে জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীয়ে