NORTHEAST NOW (Assamese)
Popular Stories

আমেৰিকান এজনক বিয়া কৰালেই সহজতে নাপাব পাৰে গ্ৰীণ কাৰ্ড, মাৰ্কিন আইনজীৱীৰ সকিয়নী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 2, 2026 9:34 am
আমেৰিকান এজনক বিয়া কৰালেই সহজতে নাপাব পাৰে গ্ৰীণ কাৰ্ড, মাৰ্কিন আইনজীৱীৰ সকিয়নী

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা দেশখনৰ প্ৰব্ৰজন নীতিত এক ব্যাপক পৰিৱৰ্তন আনিছে। ট্ৰাম্পৰ এই কঠোৰ স্থিতিৰ বাবে এতিয়া কেৱল অবৈধ অনুপ্ৰৱেশকাৰীয়েই নহয়, বৰঞ্চ বৈধভাৱে দেশখনত থকা লোকসকলৰ বাবেও নিয়মবোৰ জটিল হৈ পৰিছে। বিশেষকৈ আমেৰিকাৰ নাগৰিকত্ব লাভৰ প্ৰথম খোজ হিচাপে বিবেচিত গ্ৰীণ কাৰ্ড পোৱাৰ ক্ষেত্ৰত এতিয়া নতুন নতুন বাধা আহি পৰিছে। আমেৰিকাৰ এজন অভিবাসন অধিবক্তাই শেহতীয়াকৈ এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সকীয়নি প্ৰদান কৰিছে। তেওঁৰ মতে, এতিয়াৰ পৰা কেৱল আমেৰিকান এজনক বিয়া কৰালেই গ্ৰীণ কাৰ্ড পোৱাটো নিশ্চিত নহ’ব।

সাধাৰণতে গ্ৰীণ কাৰ্ড থাকিলে এজন ব্যক্তিয়ে আমেৰিকাৰ নাগৰিকৰ দৰেই বহুতো সা-সুবিধা লাভ কৰে। পূৰ্বতে আমেৰিকাৰ কোনো নাগৰিকক বিবাহ কৰাটো গ্ৰীণ কাৰ্ড লাভৰ আটাইতকৈ সহজ পথ হিচাপে গণ্য কৰা হৈছিল। কিন্তু ব্ৰেড বাৰ্নষ্টেইন নামৰ অধিবক্তাজনে জনোৱা মতে, বৰ্তমানৰ চৰকাৰৰ নীতি অনুসৰি কেৱল বিবাহৰ প্ৰমাণ পত্ৰ থকাটোৱেই যথেষ্ট নহয়। এতিয়াৰ পৰা আবেদনকাৰী আৰু তেওঁৰ আমেৰিকান স্বামী বা পত্নী একেলগে থকাটো বাধ্যতামূলক কৰা হৈছে। যদি কোনো দম্পতী পৃথকৈ থাকে, তেন্তে তেওঁলোকৰ গ্ৰীণ কাৰ্ডৰ আবেদন নাকচ হোৱাৰ সম্ভাৱনা বহুত বেছি।

অধিবক্তাজনে স্পষ্ট কৰি দিছে যে কেৱল নামত সম্পৰ্ক ৰাখিলে নহ’ব, আচলতে একেলগে সংসাৰ কৰিলেহে চৰকাৰে গ্ৰীণ কাৰ্ডৰ বাবে অনুমতি প্ৰদান কৰিব। ইয়াৰ উপৰি ট্ৰাম্প চৰকাৰে প্ৰতি বছৰে কম অনুপ্ৰৱেশকাৰী থকা দেশসমূহৰ বাবে আগবঢ়োৱা ৫০ হাজাৰ ভিছাৰ লটাৰী ব্যৱস্থাও ইতিমধ্যে বাতিল কৰিছে। সামগ্ৰিকভাৱে চাবলৈ গ’লে, আমেৰিকাত থাকিবলৈ যোৱা বিদেশীসকলৰ বাবে নাগৰিকত্ব লাভৰ পথটো দিনক দিনে অধিক কঠিন হৈ পৰিছে। এই নতুন নিয়মে এতিয়া আমেৰিকান ব্যক্তিক বিয়া কৰাই তাত থিতাপি ল’বলৈ বিচৰা বহুতৰে মাজত চিন্তাৰ সৃষ্টি কৰিছে।