NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ মাৰোৱাৰী সমাজ, উকীল সন্থা আৰু কলেজ শিক্ষকৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ December 20, 2019 3:00 pm
শিৱসাগৰত ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ মাৰোৱাৰী সমাজ, উকীল সন্থা আৰু কলেজ শিক্ষকৰ

ৰাজ্যৰ চৌদিশে এতিয়া ‘কা’ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। শিৱসাগৰত আজি মাৰোৱাৰী মঞ্চৰ উদ্যোগত আৰু শিৱসাগৰ ৰাইজৰ সহযোগত ‘কা’ বাতিলৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে শিৱসাগৰৰ মাৰোৱাৰী সমাজে।

শিৱসাগৰৰ দ’লমুখ চাৰিআলিস্থিত ভাৰত ৰত্ন তথা  সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ তলত ‘কা’ৰ বিৰুদ্ধে এই  প্ৰতিবাদ সাব্যস্ত কৰে।

এই কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শৰৎ সম্পাদক, আটাছুৰ উপ সভাপতি বসন্ত গগৈ, প্ৰেছ ক্লাবৰ সম্পাদক ইনামুল হাজৰিকা, ঐক্য সেনা ফৰিদ ইছলাম হাজৰিকা, মনোজ আগৰৱালা, ৰাজেশ চন্দকে ধৰি মাৰোৱাৰী মঞ্চৰ শতাধিক ৰাইজ উপস্থিত থাকে।

আনহাতে সমগ্ৰ ৰাজ্যৰ লগতে আজি শিৱসাগৰতো উকীল সন্থাই  ‘কা’ বিৰোধী এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে। শিৱসাগৰ উকীল সন্থাৰ শতাধিক অধিবক্তাই উপায়ুক্ত কাৰ্যালয়ৰ পৰা  উলিওৱা এই সমদল  শিৱসাগৰ নগৰ পৰিভ্ৰমণ কৰি পুনৰ উপায়ুক্ত কাৰ্যালয়ত অন্ত পৰে।

তাৰোপৰি শিৱসাগৰ মণ্ডলৰ ১৭ খনকৈ কলেজৰ শিক্ষকসকলে ‘কা’ বিৰুদ্ধে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কৰি প্ৰতিবাদ সাব্যস্ত কৰে।