NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গণ অনশন : অভিনেতা অৰুণ হাজৰিকৰো অংশগ্ৰহণ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া December 14, 2019 2:05 pm
IMG_20191214_110945

অসমৰ চাইনবোৰ্ডত আমি ফুট থকা “ৰ’ হ’বলৈ নিদিও ৷ অভিনেতা হিচাবে আমি নাগৰিকত্ব সংশোধনী আইন নামানো বুলি আজি বোকাখাতত মন্তব্য কৰে জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাই ৷

বোকাখাত মহকুমা ছাত্ৰ সন্থা আৰু অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আজি পুৱাৰে পৰা বোকাখাত নগৰত ১০ ঘন্টীয়া গণ অনশন কাৰ্যসুচী পালন কৰে ৷

এই গণ অনশনত অংশগ্ৰহন কৰে অসমৰ জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাই। এই কাৰ্যসুচীত বোকাখাত প্ৰেছ ক্লাব, বোকাখাত মহকুমা সাংবাদিক সন্থা আৰু ইলেক্ট্ৰনিকছ মিডিয়া জাৰ্নেলিষ্ট এছোচিয়েশ্যনৰ সমুহ সাংবাদিকে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপ সভাপতি দীপক হাজৰিকা,মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মানৱ গগৈৰ নেতৃত্বত শতাধিক সদস্যই অংশগ্ৰহণ কৰে ৷

গণ অনশন কাৰ্যসুচীৰ উপৰিও বোকাখাতৰ জ্যেষ্ঠ নাগৰিক মঞ্চয়ো বোকাখাত নগৰত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট পালন কৰে ৷

মন কৰিব লগীয়া যে অসম গণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সকলেও আজিৰ গণ অনশনত অংশ গ্ৰহন কৰে ৷

অসম গণ পৰিষদ দলৰ বোকাখাত জিলা সমিতিয়ে ইতিমধ্যেই নাগৰিকত্ব সংশোংধনী আইনৰ বিৰোধিতা কৰা বুলি তেওঁলোকৰ স্থিতি স্পষ্ট কৰিছে ৷ জিলা সভাপতি জগত কলিতাই ইতিমধ্যেই এই কথা অৱগত কৰিছে ৷