NORTHEAST NOW (Assamese)
অসম

সংকটজনক অৱস্থাত চিকিৎসাধীন মাছৰ কৰ্মী বৈকুণ্ঠ শইকীয়া: আৰ্থিক সাহায্যৰ আহ্বান

Posted by: চানু গগৈ Updated by: চানু গগৈ January 27, 2021 4:41 pm
a mori

আজীৱন মানুহৰ অধিকাৰৰ স্বাৰ্থত নিৰলসভাৱে সংগ্ৰাম অব্যাহত ৰাখিও ভাগৰি নপৰা বৈকুণ্ঠ শইকীয়া নামৰ মানৱ অধিকাৰ সংগ্ৰাম সমিতি(মাছ)ৰ আপোচহীন কৰ্মী গৰাকী অৱশেষত শাৰীৰিক অসুস্থতাত ভুগি যোৱা ১৮ জানুৱাৰীৰ পৰা চিকিৎসাধীন হ‘ব লগা হৈছে ৷

মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক সমিতিৰ উপদেষ্টা বৈকুণ্ঠ শইকীয়া সম্প্ৰতি গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্চিংহোম “আয়ুচন্দা“ত চিকিৎসাধিন হৈ আছে ৷

জানিব পৰা মতে উচ্চ ৰক্তচাপ জনিত কাৰণত বৰ্ষিয়ান নেতা গৰাকীক যোৱা ১৮ জানুৱাৰীত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয় জি ডি নাৰ্চিংহোমত ভৰ্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত সংকটজনক অৱস্থাত তেখেতক উন্নত চিকিৎসাৰ বাবে পুনৰ গুৱাহাটীৰ আয়ুচন্দালৈ স্থানান্তৰ কৰা হয় ৷

বৰ্তমানে মাছৰ কৰ্মী গৰাকী উক্ত নাৰ্চিংহোমখনতে চিকিৎসাধীন হৈ  আছে যদিও অৰ্থ সংকটৰ বাবে  শইকীয়াৰ একমাত্ৰ পুত্ৰ সন্তানটোৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

এই ক্ষেত্ৰত বৈকুণ্ঠ শইকীয়াৰ  চিকিৎসাৰ বাবে মাছৰ সংগ্ৰামী সতীৰ্থ সকলক মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ কেন্দ্ৰীয় সমিতিয়ে আৰ্থিক সাহায্যৰ আহ্বান জনোৱাৰ লগতে শুভাকাংক্ষী সকলক Bank UBI  A/C no. 0640010317146.IFSC code :UTBIOBABG09. Micr code 782027502ৰ জৰিয়তে  আৰ্থিক সহায়-সহযোগ আগবঢ়াবলৈ দুখীয়া পৰিয়ালটোৱে  বিনম্ৰতাৰে আহ্বান জনাইছে ৷