NORTHEAST NOW (Assamese)

ওৰাঙৰ ২নং শইকীয়া চুবুৰী ৰাজহুৱা নামঘৰত ৬০ বছৰীয়া লোককে ধৰি ২৯ দম্পতিৰ ৰাজহুৱা বিবাহ; সাক্ষী হৈ ৰ’ল পুত্ৰ-কন্যা,বোৱাৰী,নাতি-নাতিনী

April 18, 2022 6:46 am · চাজিদ খান, ওদালগুৰি
Updated: April 18, 2022 6:53 am
ফটো: নৰ্থইষ্ট নাও।

ওদালগুৰি জিলাৰ ওৰাঙৰ ২নং শইকীয়া চুবুৰী গাঁওৰ নামঘৰত  দেওবাৰে ৬০ বছৰীয়া বৃদ্ধ বদ্ধাকে ধৰি ২৯গৰাকী দম্পতিৰ ৰাজহুৱা শুভ বিবাহ অনুষ্ঠিত হৈ যায়৷ ২নং শইকীয়া চুবুৰী ৰাজহুৱা নামঘৰত আয়োজিত এই সমূহীয়া বিৱাহ অনুষ্ঠানত পূৰ্বতে যি সকলে ছোৱালী পলুৱাই আনিছিল কিন্ত অৰ্থৰ অভাৱত আনুষ্ঠানিক বিবাহকাৰ্য কৰিব পৰা নাছিল বা যিসকলে অলপতে ছোৱালী পলুৱাই আনি মাল্যবৰণ কৰি ঘৰ-সংসাৰ পাতিছিল কিন্ত সামাজিক স্বীকৃতি লাভ কৰা নাছিল তেনে দম্পতিৰ সামূহিক বিবাহ হৈ যায় ৷

মানুহৰ জীৱনত জন্ম, বিৱাহ আৰু মৃত্যু এই তিনিটা কাৰ্য হেনো সুকলমে সমাধা কৰিব লাগে ৷ বিবাহক এক অতি পবিত্ৰ আৰু শুভ কাৰ্য বুলি গণ্য কৰিয়েই গাঁওখনৰ ৰাইজে বহি এক আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে আৰু এই দিনটোতে এই সামূহিক বিবাহৰ আয়োজন কৰে ৷

এই বিবাহ অনুষ্ঠানত একাংশ ষাঠি বছৰ উৰ্ধৰ দম্পতিয়েও অংশ গ্ৰহণ কৰে ৷ তেওঁলোকৰ পুত্ৰ- কন্যা, বোৱাৰী ,নাতি-নাতনীয়েও এই বিৱাহৰ সাক্ষী হৈ ৰয়৷ হোমযজ্ঞৰে অনুষ্ঠিত এই সামূহিক বিবাহৰ যোগেদি এই দম্পতি সকলক ৰাজহুৱাভাৱে স্বীকৃতি প্ৰদান কৰা হয় ৷

ইয়াৰে অধিকাংশই টকা পইচা অভাব আদিৰ বাবে সময়ত শুভ বিবাহ কৰিব নোৱাৰাত এই দিনটোত তেওঁলোকে আনন্দিত হোৱা বুলি ব্যক্ত কৰিছে ৷ ব্যতিক্ৰমী এই সামূহিক বিবাহ অনুষ্ঠানৰ বিষয়টো অঞ্চলটোত ব্যাপকভাৱে চৰ্চিত হৈছে ৷  

Related News