NORTHEAST NOW (Assamese)
Popular Stories

দাও দাওকৈ জ্বলি উঠিল এটা তেল শোধনাগাৰ, অগ্নিদগ্ধ ৫জন লোক, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 29, 2021 12:54 pm

দাও দাওকৈ জ্বলি উঠিল এটা তেল শোধনাগাৰ।

অগ্নিনিৰ্বাপক বাহিনীয়ে বৰ্তমান জুই নুমুৱাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

ইণ্ডোনেছিয়াৰ বালংগান তেল শোধনাগাৰক সোমবাৰে ৰাতি প্ৰায় এক বজাত জুইয়ে ছানি ধৰে।

জুই লগাৰ ফলত কমেও পাঁচজন লোক গুৰুত্বৰভাৱে অগ্নিদগ্ধ হৈছে।

১৫জন লোকে সামান্যভাৱে অগ্নিদগ্ধ হৈছে।

আনহাতে, শোধনাগাৰটোৰ ৯৫০জন স্থানীয় বাসিন্দাক স্থানান্তৰ কৰা হৈছে।

দেশখনৰ ৱেষ্ট জাভা ৰাজ্যৰ শোধনাগাৰটোত জুই লগাৰ কাৰণ এতিয়ালৈকে জানিব পৰা নাই।

উল্লেখযোগ্য যে বলংগান তেল শোধনাগাৰ দেশখনৰ আটাইতকৈ বৃহৎ শোধনাগাৰ।

শোধনাগাৰটো ১৯৯৪ চনত মুকলি কৰা হৈছিল।

শোধনাগাৰটো পৰিচালনা কৰে ৰাষ্ট্ৰীয় তেল কোম্পানী ‘পাৰ্টামিনা’ই।

জুই লগাৰ পাছত অসংখ্য লোকে শোধনাগাৰ কৰ্তৃপক্ষক জবাবদিহী কৰিছে।

‘পাৰ্টামিনা’ই কয় যে জুই লগাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও ই তীব্ৰ বৰষুণ আৰু বিজুলী-বজ্ৰপাতৰ সময়ত উদ্ভৱ হৈছিল।

সোমবাৰে এখন সংবাদমেলযোগে তেল কোম্পানীটোৱে কয় যে  শোধনাগাৰটোৰ মূল ক্ষেত্ৰসমূহ ক্ষতিগ্ৰস্ত হোৱা নাই।

অহা পাঁচ দিনৰ ভিতৰতে ই পুনৰ কৰ্মক্ষম হ’ব বুলি কোম্পানীটোৱে কয়।