NORTHEAST NOW (Assamese)

ঝাৰখণ্ডত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ: আৰক্ষীয়ে ধ্বংস কৰিলে মাওবাদী নিৰ্মিত সুৰংগ

November 7, 2022 7:17 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 7, 2022 1:21 am

ঝাৰখণ্ডৰ বুদ্ধ পাহাৰত দেওবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰিছে বিস্ফোৰক সামগ্ৰীৰ এক বৃহৎ ভাণ্ডাৰ। এই বৃহৎ পৰিমাণৰ বিস্ফোৰক সমূহ অঞ্চলটোত মাওবাদীয়ে লুকুৱাই ৰখা বুলি সন্দেহ কৰা হৈছে।

আৰক্ষীয়ে উদ্ধাৰ হোৱা সকলো বোমা নিষ্ক্ৰিয় কৰাৰ লগতে অঞ্চলটোত মাওবাদীৰ দ্বাৰা নিৰ্মিত এটা সুৰংগও ভাঙি পেলাইছে।

চোৰাংচোৱাৰ জৰিয়তে এই বিস্ফোৰক সামগ্ৰীসমূহৰ বিষয়ে খবৰ পোৱাৰ পিছত কমাণ্ডো বেটেলিয়ন ফৰ ৰিজলুট একচন (কোব্ৰা) বাহিনী আৰু জিলা আৰক্ষীৰ দ্বাৰা অঞ্চলটোত এক যুটীয়া অভিযান চলোৱা হয়।

লাতেহাৰ অপাৰেচন অতিৰিক্ত আৰক্ষী অধীক্ষক সন্তোষ কুমাৰ মিশ্ৰই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে এই বোমা সমূহ আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱাৰ পৰিকল্পনাৰে মাওবাদীয়ে লুকুৱাই ৰাখিছিল বুলি সন্দেহ কৰা হৈছে।

পিছে আৰক্ষীয়ে সঠিক সময়ত এই তথ্য লাভ কৰিছিল আৰু এই তথ্যৰ আধাৰতে কোব্ৰা বাহিনী আৰু জিলা আৰক্ষীৰ যুটীয়া অভিযানে এক ভয়াৱহ কূটাঘাতৰ পৰিকল্পনা বিফল কৰিবলৈ সক্ষম হয় বুলি আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

অভিযানৰ সময়ত আৰক্ষীয়ে ১০ কিলোগ্ৰাম ওজনৰ ১৭ টা চিলিণ্ডাৰ বোমা, ৭৪ টা খালী চিলিণ্ডাৰ, ১৯ টা টিফিন বোমা, ছয়টা ট্ৰায়েঙ্গ’ল বোমা, তিনিটা চেক ভাল্ভ বোমা, ৩০০ মিটাৰ দীঘল কোডেক্স তাঁৰ (ডিটোনেটিং তাঁৰ), ৬৮ টা ইলেক্ট্ৰনিক ডিটোনেটৰ, ৯৮ টা নন-ইলেক্ট্ৰনিক ডিটোনেটৰ, বোমাসহ ৪০০ মিটাৰ দীঘল তাঁৰৰ লগতে আন কিছু সামগ্ৰী উদ্ধাৰ কৰে।

Related News