NORTHEAST NOW (Assamese)
অসম

মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড, তীব্ৰ আতংক বিৰাজমান

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 6, 2020 1:36 pm
a fireeee

দেওবাৰে দুপৰীয়া মহানগৰীৰ খ্ৰীষ্টানবস্তিত সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা।

খ্ৰীষ্টানবস্তিৰ ব্ৰীজমোহন গাড়ী চাৰ্ভিচিং চেণ্টাৰত লগা জুই এতিয়ালৈকে নিৰ্বাপন কৰিব পৰা হোৱা নাই।

আজি দিনৰ ১২.৫০ বজাত লগা জুই নিৰ্বাপনৰ বাবে ৪ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে চেষ্টা চলাই আছে যদিও জুই নিৰ্বাপিত হোৱা নাই।

ফলত সমগ্ৰ অঞ্চলজুৰি বিয়পি পৰিছে তীব্ৰ আতংক। ক’লা ধোঁৱাই ছানি ধৰিছে খ্ৰীষ্টানবস্তিৰ আকাশ।

স্থানীয় লোকে সন্দেহ কৰা মতে বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে।

অৱশ্যে তদন্তৰ পিছতহে জুই লগাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।

অগ্নিকাণ্ডৰ ফলত কেইবা লাখ টকাৰ সম্পত্তি জুইত জাহ যোৱা বুলি সন্দেহ কৰা হৈছে।