NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত ভয়ংকৰ অগ্নিকাণ্ড; কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত

Posted by: এন ই নাও নিউজ March 10, 2019 12:13 pm
অগ্নিকাণ্ড

ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ নিউ মাৰ্কেটত আজি পুৱা এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই বিধ্বংসী অগ্নিকাণ্ডত জগদীশ নামৰ এজন ব্যৱসায়ীৰ দুখনকৈ কাপোৰৰ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। লগতে কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠান এই ভয়ংকৰ অগ্নিকাণ্ডত জাহ যায়।

আনহাতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ বাবে চেষ্টা চলাই। অগ্নিকাণ্ড ইমানেই ভয়ংকৰ যে ২০ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে অগ্নি নিৰ্বাপনৰ চেষ্টা চলাই যদিও বাতৰি লিখা পৰলৈকে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই।

ইফালে অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও একাংশ লোকে শ্বৰ্ট চাৰ্কিটৰ ফলতে হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।