NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাৰ লিডুত ভয়ংকৰ অগ্নিকাণ্ডত ৯টা বাসগৃহ সম্পূৰ্ণ ভাবে ভস্মীভূত

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ October 2, 2020 3:18 pm
afire

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ লিডুত আজি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড।

এই অগ্নিকাণ্ডৰ ফলত ৯ টাকৈ বাসগৃহ সম্পূৰ্ণ ৰূপে জুইত জাহ যায়।

অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা-সম্পত্তি ধ্বংস হয়।

উল্লেখ্য যে আজি দিনৰ ভাগত সংঘটিত হোৱা অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হয় বুলি স্থানীয় লোকে সন্দেহ ব্যক্ত কৰিছে।

লিডু আৰক্ষী চকীৰ অন্তৰ্গত ৭ নম্বৰ এলেকাত সংঘটিত হোৱা এই অগ্নিকাণ্ডত আশা পাছোৱান, কালিয়ান টপ্ন, পৱন চাৱাশী, বাবলু তাঁতী, বেটাব মালী, অনিল বাৰা, সঞ্জু তাঁতী আৰু শৰ্মা বাজে নামৰ ব্যক্তি কেইজনৰ ঘৰ সম্পূৰ্ণৰূপে জাহ যায়।

অগ্নিকাণ্ডৰ ফলত কেইবা লাখ টকাৰ সম্পত্তি নষ্ট হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে।

অগ্নিকাণ্ডৰ খবৰ পাই মাৰ্ঘেৰিটা অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীয়ে  ততাতয়াকৈ ঘটনাস্থলীত উপস্থিত হৈছিল যদিও নিমিষতে ৯টাকৈ বাসগৃহ জুইত যাহ যায়।

এই অগ্নিকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে এইদৰে ৯ টা পৰিয়ালৰ বাসগৃহ ভস্মীভূত হোৱাত দুখীয়া পৰিয়াল কেইটাৰ জীৱনলৈ কাল অমানিশা নামি অহা পৰিলক্ষিত হৈছে।

লিডু আৰক্ষীয়ে ইতিমধ্যে অগ্নিকাণ্ডৰ সমগ্ৰ ঘটনাৰ  তদন্ত আৰম্ভ কৰিছে।

স্থানীয় ৰাইজে প্ৰশাসনক ৯টা পৰিয়ালৰ দায়িত্ব লবলৈ অনুৰোধ কৰাৰ লগতে বাসগৃহ নিৰ্মাণ কৰি দিয়াত সহায়ৰ হাতত আগবঢ়াবলৈ আহ্বান জনাইছে।