NORTHEAST NOW (Assamese)
উত্তৰ-পূব

নাগালেণ্ড হত্যা: প্ৰতিবাদত উত্তাল ক’হিমা, প্ৰশাসনৰ সৈতে অসহযোগৰ আহ্বান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 17, 2021 6:11 pm
Nagaland Firing

নাগালেণ্ডৰ মন জিলাত আসাম ৰাইফলছে বৰ্বৰতাৰে হত্যা কৰা ১৪ জন নিৰীহ নাগৰিকৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিছে ৰাজ্যৰ ৰাজধানী ক’হিমাত।

ৰাজ্যখনৰ প্ৰভাৱশালী ছাত্ৰ সংগঠন নাগা ষ্টুডেণ্টছ ফেডাৰেশ্যনে (NSF) চহৰখনত এক বিশাল সমদলৰ আয়োজন কৰে। NSF ৰ আহ্বানত হাজাৰ হাজাৰ লোকে হত্যাৰ বলি হোৱা লোকসকলৰ ন্যায়ৰ দাবীত ৰাজপথলৈ ওলাই আহে আৰু বিতৰ্কিত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন বাতিল কৰিবলৈ দাবী জনায়।

“আফস্পা বাতিল কৰাৰ আগতে কিমান বাৰ গুলী চালনা কৰিব লাগিব”, “আফস্পাই ভাৰতীয় সৈন্যবাহিনীত চয়তান প্ৰতিপালন কৰে” আৰু “আমাৰ কণ্ঠস্বৰ নহয়, আফস্পা নিষিদ্ধ কৰক” আদি শ্ল’গান সম্বলিত বেনাৰ আৰু প্লেকাৰ্ড হাতে হাতে লৈ প্ৰতিবাদ সাব্যস্ত কৰে নগা জনসাধাৰণে।

ৰাজ্যজুৰি হোৱা প্ৰতিবাদত প্ৰতিবাদকাৰী জনতাই হত্যাত জড়িত সৈনিকসকলক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। আনহাতে গৃহমন্ত্ৰী অমিত শ্বাহে ৬ ডিচেম্বৰত সংসদত দিয়া মিছা আৰু মনেসজা বিবৃতি প্ৰত্যাহাৰ কৰিবলৈও দাবী জনাইছে।

উল্লেখ্য যে গৃহমন্ত্ৰী শ্বাহে সংসদত গাওঁবাসীক কঢ়িয়াই নিয়া ট্ৰাকখন ৰখাবলৈ নিৰ্দেশ দিয়াৰ সময়ত পলাবলৈ চেষ্টা কৰাৰ বাবে সেনাই গুলীচালনা কৰে বুলি মন্তব্য কৰিছিল। কিন্তু উক্ত হত্যাকাণ্ডৰ পৰা প্ৰাণ ৰক্ষা পৰা এজন স্থানীয় নগা যুৱকৰ মন্তব্যত শ্বাহৰ এই ভাষ্য সম্পূৰ্ণ মিছা বুলি প্ৰমাণিত হয়।

অমিত শ্বাহৰ এই মিথ্যাচাৰী মন্তব্যই নগা জনতাক অধিক ক্ষোভিত কৰি তোলে। প্ৰতিবাদী জনতাই শ্বাহৰ পুত্তলিকা দাহ কৰি এই মন্তব্যৰ বিৰুদ্ধাচাৰণ কৰে।