NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাৰ কেটেতং আৰু জাগুনত নাগৰিকত্ব আইনৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ December 22, 2019 9:54 pm
IMG_20191222_170411

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত কেটেতং জনজাতি হাইস্কুল খেলপথাৰতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিবাদী সভা অনুষ্ঠিত হয়।

কেটেতংবাসী ৰাইজৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত এই প্ৰতিবাদী সভাত প্ৰায় ২ সহস্ৰাধিক লোকে ’কা’ৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে।

মাৰ্ঘেৰিটা আছুৰ ভাৰপ্ৰাপ্ত সম্পাদক ৰুপম বৰুৱাই আঁ‌ত ধৰা প্ৰতিবাদী সভাত আছুৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি চিন্তু গগৈ, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যাপিকা গীতিমনি শইকীয়া, আঞ্চলিকতাবাদী নেতা দেৱজিৎ বৰুৱা, চাইৱান গোহাঁই, প্ৰাক্তন শিক্ষক, আঞ্চলিকতাবাদী নেত্ৰী অনিতা মহান্তিৰ উপৰি বহুকেইজন বক্তাই ’কা’ৰ বিৰুদ্ধে বক্তব্য প্ৰদান কৰে।

আনহাতে আজি মাৰ্ঘেৰিটা মহকুমাৰ জাগুনৰ আহোম পথাৰ তিনিআলি খেল পথাৰত টিৰাপ জাগুন জ্যেষ্ঠ নাগৰিক সন্থা আৰু টিৰাপ জাগুন মহিলা সমাজ একত্ৰিত হৈ ’কা’ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে শান্তিপূৰ্ণভাৱে দিহানামৰ যোগেদি চৰকাৰখনক সমালোচনা কৰে আৰু বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ সুমতি ঘূৰি অহাৰ বাবে প্ৰাৰ্থনা কৰে।

কোনোপধ্যে অসমীয়া ৰাইজে বিদেশীৰ বোজা নলয় আৰু এই প্ৰতিবাদ আইনখন বাতিল নোহোৱা পৰ্য্যন্ত চলি যাব বুলি প্ৰতিবাদকাৰী সকলে স্পষ্ট কৰি দিয়ে।